মণিপুৰত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ বৃহৎ সফলতা। সেনা-আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত, মণিপুৰ আৰক্ষীৰ সহযোগত অসম ৰাইফলছৰ দলে চিংলাংমেই গাঁৱত অভিযান চলায় উদ্ধাৰ কৰে এটা 7.62mm এছএলআৰ ৰাইফল, এটা 7.62mm M-16 ৰাইফল, এটা 7.62mm মডিফাইড ৰাইফল, চাৰ্জাৰৰ সৈতে এটা হেণ্ডহেল্ড আইকম ৰেডিঅ’ ছেট আৰু এটা চীনা হেণ্ড গ্ৰেনেড । পাছত উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সমুহ মণিপুৰৰ কুম্বি আৰক্ষী থানাক গতাই দিয়া হয়।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like