Assam| Pijush Hazarika:জনতা ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাৰ ছাডেন ভিজিট

Pijush Hazarika

গুৱাহাটী: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰস্থিত জনতা ভৱনৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন চলায়। মন্ত্ৰীগৰাকী হঠাতে কাৰ্যালয়ত উপস্থিত হোৱাত বিষয়া-কৰ্মচাৰীৰ মাজত লাগে হাহাকাৰ।

পৰিদৰ্শনকালত মন্ত্ৰী হাজৰিকাই কাৰ্যালয়ত অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীৰ নাম নিজেই লিপিবদ্ধ কৰে। অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় সচিব আৰু মুখ্য অভিযন্তাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইফালে, কাৰ্যালয়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। জনতা ভৱনৰ দৰে ৰাজ্য প্ৰশাসনৰ গুৰুত্বপূৰ্ণ স্থানত যদি বিষয়া-কৰ্মচাৰী সময়মতে কাৰ্যালয়ত উপস্থিত নাথাকে, তেন্তে ৰাজ্যৰ অন্যান্য চৰকাৰী কাৰ্যালয়সমূহৰ পৰিস্থিতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

পৰিদৰ্শনৰ সময়ত মন্ত্ৰী হাজৰিকাই জনতা ভৱনৰ কৰ্মচাৰীক মাতি আনি কাৰ্যালয়ৰ বাথৰূমসমূহৰ দুৰৱস্থাও দেখুৱায়। সুন্দৰভাৱে নিৰ্মাণ কৰা বাথৰূমসমূহ অতি অপৰিষ্কাৰ অৱস্থাত থকাৰ বাবে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

বাথৰূম আৰু কাৰ্যালয় চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট কৰ্মচাৰীসকলক আহ্বান জনোৱাৰ লগতে নিজেই হাতযোৰ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ কৰে।

মন্ত্ৰীগৰাকীৰ এই আকস্মিক পৰিদৰ্শনে চৰকাৰী কাৰ্যালয়সমূহত সময়ানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰিলে।

You might also like
Leave A Reply

Your email address will not be published.