নিউজ ডেস্ক— ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১,৮১১ গৰাকী লোক। ইয়াৰে ৩৮৯ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ১৯ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ৪.৬৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১,৬৭,০৫৯ গৰাকী । মৃত্যুমুখত পৰিছে ১,১৯২ গৰাকী আক্ৰান্ত।