সর্বভাৰতীয় স্থিৰচিত্র প্রতিযোগিতাত অসমৰ কিশোৰৰ কৃতিত্ব

নিউজ ডেস্ক– সর্বভাৰতীয় ফটোগ্রাফী প্রতিযোগিতাত কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে অসমৰ নৱঋষি বৰাই। নৱঋষিৰ কেমেৰাৰ লেন্সত বন্দী হৈছিল কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ঘন অৰণ্যত এটি দুষ্প্রাপ্য চৰাই। দুষ্প্রাপ্য ধনেশ পক্ষীৰ ফটোৰ বাবে নৱঋষিয়ে লাভ কৰিছে সর্বভাৰতীয় পর্যায়ৰ প্রতিযোগিতাত দ্বিতীয় স্থান৷ গুৱাহাটী মহানগৰীৰ ছাই আৰ এন এছ একাডেমীৰ দ্বাদশ শ্রেণীৰ ছাত্র নৱঋষি বৰাৰ এই কৃতিত্বই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে জিভি পণ্ট নেচনেল ইনষ্টিটিউট অৱ হিমালয়ান এনভাইৰনমেণ্টৰ ইটানগৰৰ উত্তৰ–পূব কেন্দ্র আৰু অৰুণাচল প্রদেশ বিজ্ঞান কেন্দ্রই যোৱা ২২ মে’ত এক ৰাষ্ট্রীয় প্রতিযোগিতাৰ আয়োজন কৰিছিল৷ জৈৱ–বৈচিত্র্যৰ আন্তঃৰাষ্ট্রীয় দিৱস আৰু ভাৰত অমৰুত মহোৎসৱৰ লগত সংগতি ৰাখি বায়’ডাইভার্ছিটী অৱ নর্থ ইষ্ট ইণ্ডিয়া শীর্ষক স্থিৰচিত্র প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷ প্রতিযোগিতাখনলৈ নৱঋষিয়ে প্রেৰণ কৰিছিল বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এজোপা গছত পৰি থকা এটা দুষ্প্রাপ্য ধনেশ পক্ষীৰ ফটো৷ দুষ্প্রাপ্য ধনেশ পক্ষীৰ ফটোখনে দ্বিতীয় স্থান লাভ কৰে প্রতিযোগিতাত।

You might also like
Leave A Reply

Your email address will not be published.