ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৩৩ গৰাকী লোক। আক্ৰান্তসকলৰ ৩০ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১৬ গৰাকী নগাঁও জিলাৰ, ১০ গৰাকী গোৱালপাৰা জিলাৰ, ৯ গৰাকী শিৱসাগৰ জিলাৰ, ৮ গৰাকী কামৰূপ (গ্ৰাম্য) জিলাৰ আৰু ১ গৰাকী যোৰহাট জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.১৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫২ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১০,৭২৫ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩৬ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৭৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫২ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৯৪,০৪৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.