ম্যানমাৰত সেনাৰ হেলিকপ্টাৰে গুলীচালনা কৰি হত্যা কৰে ১১টা শিশু!

ইণ্টাৰনেচনেল ডেস্ক:

ম্যানমাৰত সংঘটিত হৈছে এক বৰ্বৰ ঘটনা। উত্তৰ ম্যানমাৰৰ এখন বিদ্যালয়ত সেনাৰ হেলিকপ্টাৰে ধাৰাসাৰ গুলীচালনা কৰি হত্যা কৰে কমেও ১১টা শিশুসহ মুঠ ১৭ লোকক । আনহাতে এই ঘটনাটোত সন্ধানহীন হৈছে আন ১৫টি শিশু। ইফালে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অধিকাংশ মৃতদেহ সেনাই লৈ যায়। এই ভয়ংকৰ তথ্য সদৰি কৰিছে ইউনিচেফে।
উল্লেখযোগ্য যে ঘটনাটো সংঘটিত হোৱা ছাগাইং অঞ্চলটো বিদ্ৰোহীৰ দুৰ্গৰূপে পৰিচিত। ঘটনটো সংঘটিত হোৱা লেট য়েট ক’নে গাঁৱৰ বিদ্যালয়খনত লুকাই থকা বিদ্ৰোহীসকলৰ ওপৰত আক্ৰমণ কৰা হৈছিল বুলি দাবী কৰিছে ম্যানমাৰৰ সামৰিক চৰকাৰে।।

You might also like
Leave A Reply

Your email address will not be published.