মঙলবাৰৰ পুৱা ৯ বজাৰ পৰা ১১:৩০ বজালৈ বন্ধ থাকিব ফেৰী সেৱা!

নিউজ ডেস্ক:

কাইলৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ থাকিব।মঙলবাৰৰ পুৱা ৯ বজাৰ পৰা ১১:৩০ বজালৈ বন্ধ থাকিব গুৱাহাটী চহৰক উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ কৰা ফেৰী সেৱা । আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে গুৱাহাটীত অনুষ্ঠিত হৈ থকা বায়ুসেনাৰ শ্ব’ৰ বাবে মঙলবাৰে ডেৰ ঘণ্টাৰ বাবে বন্ধ থাকিব ফেৰী সেৱা ।

ভাৰত চৰকাৰৰ উদ্যোগত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু ইয়াৰ জনসাধাৰণ, সংস্কৃতি তথা কৃতিত্বৰ গৌৰৱময় ইতিহাস সুঁৱৰি উদযাপন আজাদী কা অমৃত মহোৎসৱ।।

You might also like
Leave A Reply

Your email address will not be published.