আজি অসম ক্ৰীড়া দিৱস
১৬০৫ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ মৃত্যু হৈছিল।
১৮১৭ চনৰ আজিৰ দিনটোতেই ছাৰ চৈয়দ আহমেদ খাঁৰ মৃত্যু।তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েন্টেল কলেজ স্থাপন কৰিছিল। এইখন কলেজেই পৰৱৰ্তীকালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হৈছিল।
১৮৩১ চনৰ এই দিনটোতেই ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেৰ ডাইনামো আৱিষ্কাৰ।
১৯০০ চনৰ আজিৰ দিনটোতেই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হৈছিল।
১৯১৯ চনৰ এই দিনটোতেই ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হৈছিল।
১৯২০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠা লাভ।
১৯৩৭ চনৰ এই দিনটোতেই মুছলিম লিগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ।
১৯৪০ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল সত্যাগ্ৰহ।
১৯৭০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম।
১৯৭৯ চনৰ আজিৰ দিনটোতেই মাদাৰ টেৰেছালৈ শান্তিৰ ন’বেল বঁটা ঘোষণা।
১৯৮৯ চনৰ এই দিনটোতেই শিল্পী যুগল দাসৰ মৃত্যু হৈছিল।
১৯৮৯ চনৰ আজিৰ দিনটোতেই মালয়েছিয়াৰ কুৱালালামপুৰত কমনৱেলথ দেশসমূহৰ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
২০০৩ চনৰ এই দিনটোতেই শ্ৰীহৰিকোটাৰ পৰা পি এছ এল ভি-৫ৰ উৎক্ষেপণ।
২০০১ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ’নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ।।