দুটা মাত্ৰ আম, কিমান হ’ব পাৰে দাম?

স্পেচিয়েল ডেস্ক, এন ই ভাৰত

এটা আম কিমান মূল্যৱান হব পাৰে বা আপুনি কিমান দামী আম দেখা পাইছে? আমৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে আমি সকলোৱে কম বেছি পৰিমাণে জ্ঞাত।আৰু এই ভিন্ন প্ৰজাতিৰ আমৰ প্ৰজাতি ভেদে দাম বেলেগ বেলেগ হয়।আজি আমি যিটো আমৰ কথা কবলৈ ওলাইছো সেই আমৰ দাম শুনিলে কেৱল আপোনাৰ হাত নহয় সমগ্ৰ দেহতে জুই লাগিব।জাপানৰ এবিধ আমৰ প্ৰজাতি হৈছে মিয়াজাকি,এইবিধ আমৰ মাত্ৰ এটা আমৰ ওজন ৩৫০ গ্ৰামৰো অধিক।এই আমৰ মাত্ৰ ২টা আমৰ এটা বক্সৰ মূল্য হৈছে ৩ লাখ পৰ্যন্ত।বিশেষজ্ঞৰ মতে এই মিয়াজাকি আম হৈছে বিশ্বৰ আটাইতকৈ মূল্যবান আম।১৯৭০-১৯৮০ৰ মাজৰ সময়ছোৱাত এই আমৰ সৃষ্টি হৈছিল। জাপানত এই আম মূল্যবান উপহাৰ হিচাৱে ব্যৱহাৰ কৰা হয়। ৰং আৰু সৌন্দৰ্যৰ বাবে এই আমক অতি মূল্যবান ৰত্নৰ সৈতে তুলনা কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.