প্ৰৱঞ্চনাৰ জাল পাতি আটক সুন্দৰী!

নিউজ ডেস্ক:

হানগৰীত সুন্দৰী যুৱতীৰ প্ৰৱঞ্চনাৰ জাল। প্ৰৱঞ্চনাৰ অভিযোগত যুৱতীসহ গ্ৰেপ্তাৰ ২ যুৱক। ৰিহাবাৰীৰ নিকিতা তিৱাৰী, গীতানগৰৰ জ্যোতিষ্মান লহকৰ আৰু নাগালেণ্ডৰ ৰাজেশ মণ্ডলক আটক কৰিছে আৰক্ষীয়ে। নিশা অভিযান চলায় ওদালবাক্ৰাৰ পৰা তিনিওকে আটক কৰে ভঙাগড় আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি চক্ৰটোৱে বিভিন্নজনক কৰিছিল প্ৰৱঞ্চনা। ৰিয়েল ইষ্টেট ব্যৱসায়ৰ নামত প্ৰবঞ্চনাৰ জাল পেলাইছিল নিকিতাই। ধৃত নিকিতাৰ বিৰুদ্ধে উত্থাপিত হৈছে মোবাইল ফোন চুৰিৰ অভিযোগ। ধৃত প্ৰবঞ্চকৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ। সম্প্ৰতি নিকিতাক পানবজাৰ মহিলা থানাত ৰখা হৈছে যদিও সোধ-পোছৰ বাবে অনা হ’ব ভঙাগড় আৰক্ষী থানালৈ। ভঙাগড় আৰক্ষী থানাতে তিনিওকে জেৰা চলাব আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.