আজি ১৭ ফেব্ৰুৱাৰী

▶️১৬১৮ চনৰ এই দিনটোতেই সম্ৰাট জাহাংগীৰৰ আমোলৰ বৃটিছ ৰাষ্ট্ৰদূত টমাছ ৰোৰ ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন।
▶️১৬৭০ চনৰ আজিৰ দিনটোতেই মোগলৰ হাতৰ পৰা শিৱাজীৰ সিংহগড় দূৰ্গ দখল।
▶️১৭৮১ চনৰ এই দিনটোতেই ফৰাছী চিকিৎসক, ষ্টেথ’স্ক’পৰ আৱিষ্কাৰক ৰেনি থিঅ’ফিল লেনেক(Rene Tehophile Laennec)ৰ জন্ম হৈছিল।
▶️১৮৯০ চনৰ এই দিনটোতেই আধুনিক টাইপ-ৰাইটাৰৰ আৱিষ্কাৰক ক্ৰিষ্টোফাৰ লেথাম ছলছ (Christopher Lethum Scholes)ৰ মৃত্যু হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই আধুনিক হিব্ৰু সাহিত্যৰ শ্ৰেষ্ঠ কথাশিল্পী ছেমুৱেল ইউছুফ আগনোন(Samuel Yosef Agnon)ৰ মৃত্যু হৈছিল। ১৯৬৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই হাজোত অসম সাহিত্য সভাৰ পঞ্চষষ্ঠীতম অধিৱেশন আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই তিনিদিনীয়া কাৰ্যসূচীৰে ছিপাঝাৰৰ মংগল তীৰ্থত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই বিশ্বৰ ভিতৰতে সৰ্বাধিক জলা জলকীয়া ৰূপে অসমৰ ভোট-জলকীয়ালৈ স্বীকৃতি।।

You might also like
Leave A Reply

Your email address will not be published.