ৰাজ্যৰ ৬ বিদ্যালয়ত আজিৰে পৰা আৰম্ভ 'পাইলট প্ৰজেক্ট'!

নিউজ ডেস্ক:

 

জিৰে পৰা ৰাজ্যৰ ৬ বিদ্যালয়ত আৰম্ভ হ’ল ‘পাইলট প্ৰজেক্ট’। গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ত মাতৃভাষা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত থকা আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইংৰাজী ভাষাৰ প্ৰতি শিক্ষাৰ্থীৰ মাজত থকা হীনমান্যতা দূৰ কৰাৰ বাবে ব্ৰিটিছ পাঠ্যপুথিৰ আধাৰত আৰম্ভ কৰা হৈছে পাঠদান। গীতানগৰ হাইস্কুলকে ধৰি মহানগৰীৰ আন পাঁচখন বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ হৈছে পাইলট প্ৰজেক্টৰ কাম। এই ছয়খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ব্ৰিটিছ পাঠ্যক্ৰমৰ আধাৰত পাঠদান দিয়াৰ বাবে শিক্ষক-শিক্ষয়ত্ৰী সকলক প্ৰদান কৰা হৈছে বিশেষ প্ৰশিক্ষণ। Zolly Phoenix নামৰ এটা ব্ৰিটিছ কোম্পানীয়ে মোবাইলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী শব্দৰ উচ্চৰণ আদিৰ ক্ষেত্ৰত সহায় কৰি আহিছে। পাইলট প্ৰজেক্টৰ সমাপ্তৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হ’ব এই পাঠদান। এই পাঠ্যক্ৰমৰ জৰিয়তে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ফেৰ মাৰিব পাৰিব অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ পূৰ্বে,গণিত আৰু বিজ্ঞান বিষয় কেইটা বুজা আৰু শিকাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল ৰাজ্যৰ শিক্ষা বিভাগে। আনহাতে, পৰৱৰ্তী সময়ত ব্ৰিটিছ পদ্ধতিৰ শিক্ষা ব্যৱস্থা আন আন শ্ৰেণীলৈ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা।

You might also like
Leave A Reply

Your email address will not be published.