দিল্লীৰ বাৱানাত ভয়ংকৰ অগ্নিকাণ্ড!

নেচনেল ডেস্ক:

 

দ্যোগিক এলেকা হিচাপে বিখ্যাত দিল্লীৰ বাৱানা অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। বাৱানা অঞ্চলৰ এটা বৃহৎ তেল কাৰখানাত সংঘটিত হয় অগ্নিকাণ্ডটো। কাৰখানাটোৰ ভিতৰত ৰাসায়নিক পদাৰ্থ থকাৰ বাবেই দ্ৰুতগতিত বিয়পি পৰে জুই। পৰৱৰ্তী সময়ত ৯ খনকৈ অগ্নিনিৰ্বাপকৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডত এজন লোক নিহত নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাজনো লোক। উল্লখ্য যে, মাত্ৰ এদিন পূৰ্বে দিল্লীৰ গাতে লাগি থকা গ্ৰেটাৰ নয়ডাৰ পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছিল এখন বলেৰ’ বাহন।

You might also like
Leave A Reply

Your email address will not be published.