৪০ টা বাকচত কৰিছে মৌ পালন!

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী হাৰিভাঙাত সৰিয়হ খেতিৰ ওচৰতে বাহৰ পাতি বিহাৰৰ যুৱকে উত্‍পাদন কৰিছে মৌ

 

নিউজ ডেস্ক :
বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী হাৰিভাঙাত সৰিয়হ খেতিৰ ওচৰতে বাহৰ পাতি বিহাৰৰ যুৱকে উত্‍পাদন কৰিছে মৌ । লগতে বিক্ৰী কৰিছে স্থানীয় লোকক। চাৰিজন যুৱকৰ সহযোগত এই প্ৰচেষ্টা বিহাৰৰ যুৱকজনৰ।

উল্লেখযোগ্য যে, সৰিয়হ খেতিৰ সময়ত বিভিন্ন ঠাইত কেম্প পাতি এনেদৰে মৌ উত্‍পাদন কৰা পৰিলক্ষিত হৈছে।

যি ঠাইত সৰিয়হ ফুলে তাতে বাহৰ পাতে চাৰিজনীয়া দলটোৱে।ইয়াৰ দ্বাৰা যথেষ্ট মৌ উত্‍পাদন হোৱাৰ কথা জানিবলৈ দিছে যুৱ উদ্যোগীৰ দলটোৱে।।

উল্লেখযোগ্য যে প্ৰতি কিলোগ্ৰাম মৌৰ পায়কাৰী মূল্য ২০০ টকা নিৰ্ধাৰণ কৰিছে এইসকল উত্‍পাদকে।

You might also like
Leave A Reply

Your email address will not be published.