আজি নতুন দিল্লীত আয়োজন কৰা হৈছে কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠক!

নেচনেল ডেস্ক

জি নতুন দিল্লীত আয়োজন কৰা হৈছে কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠক। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ অধ্যক্ষতাত আয়োজন কৰা হৈছে কোৱাড বৈদেশিক মন্ত্ৰীৰ বৈঠক। ভাৰতৰ লগতে অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী, জাপানৰ বৈদেশিক মন্ত্ৰী আৰু আমেৰিকাৰ বিদেশ সচিবে অংশগ্ৰহণ কৰিব এই গুৰুত্বপূৰ্ণ বৈঠকত।

উল্লেখ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত অনুষ্ঠিত হোৱা অন্তিমখন বৈঠকত বৈদেশিক মন্ত্ৰীসকল আলোচনাত মিলিত হৈছিল। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক বিষয়সমূহৰ ওপৰত বৈদেশিক মন্ত্ৰীসকলে তেওঁলোকৰ দৃষ্টিভংগী তথা মতামত বিনিময় কৰিব। বৈঠকত কোৱাডৰ গঠনমূলক কাৰ্যসূচী আৰু অঞ্চলটোৰ সমসাময়িক অগ্ৰাধিকাৰসমূহৰ সৈতে মোকাবিলা কৰাৰ পদক্ষেপসমূহ ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনাও কৰিব।

কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেন, জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হায়াছি যোছিমাছা, অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱং, আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।।

You might also like
Leave A Reply

Your email address will not be published.