আজি ১৮ মাৰ্চ

▶️আজি বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস।
▶️১৮৫৮ চনৰ আজিৰ দিনটোতেই ডিজেল ইঞ্জিনৰ উদ্ভাৱক জাৰ্মান প্ৰযুক্তিবিদ ৰুডল্ফ ডিজেলৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ এই দিনটোতেই ভাৰতৰ পঞ্চম লোকপিয়লৰ তথ্য ঘোষণা।এই তথ্য অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা ৩১ কোটি ৫১ লাখ ৫৬ হেজাৰ ৩৯৬ আছিল।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ জন্ম। ‘চাহেব বিবি গোলাম’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
▶️১৯১৯ চনৰ এই দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলন দমনৰ অৰ্থে ইংৰাজৰ ৰাওলাট আইন প্ৰৱৰ্তন।
▶️১৯৪৪ চনৰ এই দিনটোতেই সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ ব্ৰহ্মদেশ (ম্যানমাৰ) সীমান্ত অতিক্ৰমি ভাৰতত প্ৰৱেশ।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই যোৰহাটত অসম তথা উত্তৰ পূৱৰ প্ৰথম আৰু প্ৰধান আঞ্চলিক গৱেষণাগাৰৰ আধাৰশিলা স্থাপন।
▶️১৯৭২ চনৰ এই দিনটোতেই নতুন দিল্লীত প্ৰথম বিশ্ব গ্ৰন্থমেলা আৰম্ভ।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই কবি,সাহিত্যিক,শিল্পী মহেন্দ্ৰনাথ ডেকাফুকনৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই দূৰদৰ্শনৰ ক্ৰীড়া চেনেল ‘ডি ডি স্পৰ্টছ’ উদ্বোধন।
▶️২০০২ চনৰ এই দিনটোতেই লোকসভাত বিতৰ্কিত সন্ত্ৰাসবাদ বিৰোধী অধ্যাদেশ প’টা (POTA) গৃহীত।
▶️২০০৫ চনৰ এই দিনটোতেই কল্পবিজ্ঞান কাহিনীৰ প্ৰসিদ্ধ লেখক আন্ড্ৰে নৰ্তনৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই আৰম্ভ হৈছিল গুৱাহাটী গ্ৰন্থমেলা।।

You might also like
Leave A Reply

Your email address will not be published.