নিউজ ডেস্ক:
গুৱাহাটী উচ্চ ন্যায়ালয়ে বান্ধি দিলে আমচাং অভয়াৰণ্যৰ চাৰিসীমা নিৰ্ধাৰণৰ অন্তিম সময়সীমা। ৮ সপ্তাহৰ ভিতৰত বন বিভাগে দাখিল কৰিব লাগিব চূড়ান্ত প্ৰতিবেদন। প্রতিবেদনত স্পষ্টকৈ উল্লেখ থাকিব লাগিব চাৰিসীমাৰ কথা। ২০১৩ চনতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল উচ্চ ন্যায়ালয়ে। গোচৰ ৰুজু হোৱাৰ পাছতে উচ্চ ন্যায়ালয়ে অভয়াৰণ্যখনৰ চাৰিসীমাৰ মেপ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল বন বিভাগক। কিন্তু প্ৰায় ৮-৯ বছৰ পাৰ হৈ যোৱাৰ পাছতো বন বিভাগে চাৰিসীমাৰ মেপ দাখিল কৰিবলৈ ব্যৰ্থ হোৱাত ৮ সপ্তাহৰ ভিতৰত অভয়াৰণ্যখনৰ চাৰিসীমা নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। চৰকাৰী তথ্য মতে চাৰ্ভে অৱ ইণ্ডিয়াই অব্যাহত ৰাখিছে অভয়াৰণ্যখনৰ চাৰিসীমা নিৰ্ধাৰণৰ কাম।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
২ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰিব লাগিব আমচাং অভয়াৰণ্যৰ চাৰিসীমা!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like