নিৰাপত্তাৰক্ষীক হত্যা কৰি জেলৰ পৰা পলায়ন দুধৰ্ষ কয়দীৰ

অৰুণাচল প্ৰদেশৰ খুনছা জেলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

নিউজ ডেস্ক :

দেওবাৰে অৰুণাচল প্ৰদেশত সংঘটিত হৈছে কয়দীয়ে জেলৰ পৰা পলায়ন কৰা এক ভয়ানক ঘটনা । খৱৰ অনুসৰি অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনছা জেলত দুই দুধৰ্ষ অপৰাধীয়ে আই আৰ বি এনৰ এজন জোৱানক হত্যা কৰি জেলৰ পৰা পলায়ন কৰে । দুই পক্ষৰ হতাহতিত আন এজন নিৰাপত্তাৰক্ষী গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হয় । পলায়ন কৰা কয়দী দুজন দুধৰ্ষ এন এছ চি এন(কে)ৰ কেডাৰ বুলি জানিব পৰা গৈছে । ৰকচেন হোমচা আৰু টিটপু কিটনিয়া নামৰ এন এছ চি এন(কে) ৰ দুজন কেডাৰে আৰক্ষী জোৱানজনৰ পৰা এটা একে৪৭ ৰাইফল কাঢ়ি লৈ গুলীচালনা কৰি জেলৰ পৰা পলায়ন কৰে । নিহত জোৱানজন IRBNৰ কনিষ্টবল ৱাংনিয়াম বছাই বুলি জানিব পৰা গৈছে। কালিৰে পৰা অৰুণাচলৰ টিৰাপ জিলাৰ সকলো প্ৰান্ততে আৰক্ষীয়ে পলাতক দুই কয়দীৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে। আৰক্ষীৰ লোকে ঘৰে ঘৰে গৈ অপৰাধীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । শেহতীয়াকৈ অৰুণাচল আৰক্ষীয়ে দুই কয়দীক কৰায়ত্ত কৰিবলৈ আছাম ৰাইফলছ আৰু চি আৰ পি এফৰো সহায় লৈছে।।

You might also like
Leave A Reply

Your email address will not be published.