৪ বছৰৰ পাছত কাজিৰঙাত পুনৰ গঁড় হত্যা!

নিউজ ডেস্ক:

ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে কাজিৰঙা গঁড় হত্যাৰ ঘটনা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত গঁড় হত্যা। গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও চোৰাংচিকাৰী। ৪ বছৰৰ পাছত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। ২০১৯ চনৰ পৰা বাগৰি, বুঢ়াপাহাৰ ৰেঞ্জত হোৱা নাছিল গঁড় হত্যা। বাগৰিৰ কাঠপৰা বন শিবিৰৰ বৰমাৰ বিলত উদ্ধাৰ খৰ্গবিহীন মৃত গঁড়টো। ৬-৭ দিন পূৰ্বে গঁড়টো হত্যাৰ কৰাৰ সন্দেহ উদ্যান কৰ্তৃপক্ষৰ। দেওবাৰে বন বিভাগে উদ্ধাৰ কৰে খৰ্গবিহীন মৃত গঁড়টো। ঘটনা সন্দৰ্ভত বন বিভাগ-আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.