নিজ মাতৃয়ে দ-কুঁৱালৈ থেলিলে চাৰি সন্তানক!

নেচনেল ডেস্ক:

 

ধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাত চাঞ্চল্যকৰ ঘটনা। নিজ মাতৃয়ে দ-কুঁৱালৈ থেলিলে চাৰি সন্তানক । বুৰহানপুৰ জিলাৰ বলদি গাঁৱত সংঘটিত হৈছে এই নৃসংশ ঘটনাটো।এগৰাকী ৩০বছৰীয়া মহিলাই তেওঁৰ চাৰিটা সন্তানক দ-কুঁৱালৈ থেলি দি নিজেও কুঁৱাটোত জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। পানীত পৰাৰ পিছত মহিলাগৰাকীয়ে মৃত্যুলৈ ভয় খাই তেওঁৰ ডাঙৰ জীয়েকৰ সৈতে কুঁৱাটোত ওলমি থকা ৰছীডালত ধৰি সুৰক্ষিত স্থানলৈ উঠি আহে। কিন্ত তিনিটা সন্তানক এৰি থৈ আহে ভয়ংকৰ দ-কুঁৱাটোৰ ভিতৰত। তিনি সন্তানৰ ভিতৰত আছিল ১৮ মহীয়া এটি শিশুসহ তিনি আৰু পাঁচ বছৰ বয়সৰ দুগৰাকী কন্যা। তিনিওটা সন্তানৰ কুঁৱাৰ ভিতৰতে মৃত্যু হয়। প্ৰমীলা ভিলালা নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী ৰমেশৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিছতেই এই চৰম পদক্ষেপ গ্ৰহণ কৰিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিনিওটা মৃতদেহ কুঁৱাৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি মাতৃ প্ৰমীলা আৰু তেওঁৰ ৭ বছৰীয়া ডাঙৰ জীয়েকৰ অৱস্থা বৰ্তমানে সুস্থিৰ।।

You might also like
Leave A Reply

Your email address will not be published.