পৰ্ণষ্টাৰক সঁচাকৈয়ে প্ৰলোভিত কৰিছিল নেকি ট্ৰাম্পে!

ধন দিও ৰক্ষা নপৰিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প!

ইণ্টাৰনেচনেল ডেস্ক:

ন দিও ৰক্ষা নপৰিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছক ধন দিয়াৰ অভিযোগত বৃহস্পতিবাৰে নিউয়ৰ্কৰ গ্ৰেণ্ড জুৰীয়ে অভিযুক্ত কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। ইয়াৰ লগে লগে অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা প্ৰথমজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় ড’নাল্ড ট্ৰাম্প।

কোন হয় ষ্টৰ্মি ডেনিয়েলছ?

৪৪ বছৰীয়া পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছৰ প্ৰকৃত নাম ষ্টেফানী গ্ৰেগৰী ক্লিফৰ্ড লুইজিয়ানাৰ বেটন ৰুজৰ। বহুতো পৰ্ণগ্ৰাফিক ছবিত অভিনয় আৰু পৰিচালনা কৰিছে ষ্টৰ্মি ডেনিয়েলছে।

ট্ৰাম্পৰ বিষয়ে কি ক’লে ষ্টৰ্মি ডেনিয়েলছে?

২০০৬ চনত ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক হৈছিল বুলি অভিযোগ আনিছিল ষ্টৰ্মি ডেনিয়েলছে। ২০০৬ চনৰ জুলাই মাহত কেলিফৰ্ণিয়াৰ লেক টাহোত অনুষ্ঠিত হোৱা চেলিব্ৰিটি গল্ফ প্ৰতিযোগিতাত চিনাকি হৈছিল ট্ৰাম্প আৰু ষ্টৰ্মি ডেনিয়েলছৰ । ট্ৰাম্পে তেওঁক নিজৰ হোটেলৰ কোঠাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল বুলিও অভিযোগ কৰে ডেনিয়েলছে।
পিছত দুয়োজনে সন্মতিসূচকভাৱে যৌন সম্পৰ্ক স্থাপন কৰা বুলিও কয় পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে।পৰ্ণষ্টাৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, পিছৰ বছৰত ট্ৰাম্পে ডেনিয়েলছক পুনৰ ফোন কৰিছিল আৰু ২০০৭ চনৰ জুলাই মাহত তেওঁৰ অনুৰোধত লছ এঞ্জেলছৰ বেভাৰলী হিলছ হোটেলত তেওঁলোকৰ লগ হৈছিল। ডেনিয়েলছৰ মতে, ট্ৰাম্পে হোটেলত পুনৰ তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল যদিও তেওঁ অস্বীকাৰ কৰিছিল।

মুখ বন্ধ ৰাখিবলৈ ট্ৰাম্পে দিছিল ধনৰ প্ৰলোভন!

২০১৬ চনত ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকাৰ সময়তে ভয়াৱহ ৰূপ লৈছিল ট্ৰাম্প-ডেনিয়েলছৰ মাজৰ সম্পৰ্কই। এক বিশেষ প্ৰতিবেদন অনুসৰি ষ্টৰ্মি ডেনিয়েলছে ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা যৌন সম্পৰ্কৰ বিষয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল। যাৰ বাবে ডেনিয়েলছে মুখ বন্ধ কৰিবলৈ ট্ৰাম্পৰ পৰা লাভ কৰিছিল ১ লাখ ৩০ হাজাৰ ডলাৰ।

সেই সময়ত ডেনিয়েলছৰ অধিবক্তা কিথ ডেভিডছন আৰু তেতিয়াৰ ট্ৰাম্পৰ ব্যক্তিগত অধিবক্তা মাইকেল কোহেনে এই অপ্ৰকাশিত চুক্তিত স্বাক্ষৰ কৰিছিল। নথিখনত ট্ৰাম্পৰ স্বাক্ষৰৰ বাবে এটা স্থান অন্তৰ্ভুক্ত কৰা হৈছিল যদিও তেওঁ কেতিয়াও স্বাক্ষৰ কৰা নাছিল। ২০১৮ চনত ৱাল ষ্ট্ৰীট জাৰ্নেলে ডেনিয়েলছক দিয়া ধনৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু কোহেনে ৰাজহুৱাভাৱে বক্তব্য দিছিল যে তেওঁ নিজৰ পকেটৰ পৰা পৰ্ণষ্টাৰগৰাকীক ধন দিছিল আৰু ট্ৰাম্পে তেওঁক এই নিৰ্দেশ দিয়া নাছিল।

ইফালে ডেনিয়েলছৰ সৈতে যৌন সম্পৰ্ক ৰখাৰ কথা অস্বীকাৰ কৰে ট্ৰাম্পে। এই ধনৰ সৈতে তেওঁৰ নিৰ্বাচনী জয়ৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

পিছত মাইকেল কোহেনে ২০১৮ চনত ট্ৰাম্পৰ নিৰ্দেশনাত ষ্টৰ্মি ডেনিয়েলছ আৰু প্লে’বয়ৰ এগৰাকী প্ৰাক্তন মডেলক উৎকোচ ধন দিয়াৰ কথা স্বীকাৰ কৰে। পাছত তেওঁক একাধিক অভিযোগত ৩ বছৰৰ কাৰাদণ্ড বিহা হয়।।

You might also like
Leave A Reply

Your email address will not be published.