ইন্টাৰনেচনেল ডেস্ক
টুইটাৰত নিতৌ সংযোজন নতুন নতুন নিয়ম৷ ইলন মাস্কে টুইটাৰৰ দায়িত্ব বহন কৰাৰ পৰাই বহুতো পৰিৱৰ্তন ঘটাই আহিছে। টুইটাৰৰ ল’গ’ সলনিকে ধৰি টুইটাৰৰ ব্লু টিকলৈকে বহুতো ক্ষেত্ৰত সাল-সলনি ঘটাইছে ইলন মাস্কে । এতিয়াৰ পৰা ব্লু টিকৰ অধিকাৰীসকলে ভৰিব লাগিব ধন। শেহতীয়াকৈ টুইটাৰে চাবস্ক্ৰিপছনৰ ব্যৱস্থা মুকলি কৰিছে।এই কথা এক টুইটযোগে প্ৰকাশ কৰিছে ইলন মাস্কে৷ তেওঁ উল্লেখ কৰিছে যে টুইটাৰত কোনো প্ৰৱন্ধ নাইবা লিখনিৰ ক্ষেত্ৰত মাচুল দিব লাগিব গ্ৰাহকে। এই ব্যৱস্থা কাৰ্যকৰী হ’ব মে’ মাহৰ পৰা। যি সকল নিয়মীয়া ব্যৱহাৰকাৰী নহয়, তেওঁলোকে কোনো এটা প্ৰৱন্ধ পঢ়িবৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল।।