পত্নীৰ মৃতদেহ বিচাৰি হাহাকাৰ স্বামীৰ

নিউজ ডেস্ক

 

GMCH ৰ মৰণোত্তৰ পৰীক্ষা গৃহত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । লখিমী ছেত্ৰী নামৰ এগৰাকী মহিলাৰ মৃতদেহ চমজাই দিলে বেলেগ এটা পৰিয়ালক । জানিব পৰা মতে যোৱা ১ মে’ত মৰণোত্তৰ পৰীক্ষাৰ বাবে আমচিং যোৰাবাটৰ লখিমী ছেত্ৰী নামৰ এগৰাকী মহিলাৰ মৃতদেহ GMCH লৈ অনা হৈছিল। চিকিত্‍সালয় খনত ৪ দিনৰ বাবে ৰাখিছিল মৃতদেহটো । কিন্তু পৰীক্ষাৰ পাছতে সাল-সলনি হল মৃতদেহ । লখিমী ছেত্ৰী নামৰ মহিলা গৰাকীৰ মৃতদেহৰ ঠাইত কোনো অচিনাকি মহিলাৰ মৃতদেহ ৰাখি থোৱা পৰিলক্ষিত হয়। পাছত পত্নীৰ মৃতদেহ নিবলৈ আহি অন্য মহিলাৰ মৃতদেহ দেখি হতভম্ব হৈ পৰে মহিলাগৰাকীৰ স্বামী। পাছত মৃত মহিলাগৰাকীৰ স্বামীয়ে বিষয়টো সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।।

You might also like
Leave A Reply

Your email address will not be published.