স্মৃতি দিৱসত ‘সুগন্ধি পখিলা’ৰ কবিলৈ শ্ৰদ্ধাৰ্ঘ্য

আজি ‘সুগন্ধি পখিলাৰ’ কবি হীৰেণ ভট্টাচাৰ্যৰ নৱম মৃত্যু বাৰ্ষিকী। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্ম গ্ৰহণ কৰা হীৰুদাই ২০১২ চনৰ আজিৰ দিনটোতে মৃত্যুৱৰণ কৰিছিল। হীৰুদাৰ কবিতা পাঠক তথা কবিতা প্ৰেমী সকলৰ মাজত অভাৱনীয় ভাবে জনপ্ৰিয়।কাৰণ হীৰুদাৰ নিভাজ কথনশৈলী আৰু কাব্যিকতাই কবিতাক প্ৰদান কৰিছিল অন্য মাত্ৰা। তেওঁৰ কবিতা সমূহ কবিতা ভাল নোপোৱা বা বুজি নোপোৱা লোকৰ বাবেও আছিল তেনেই সহজ আৰু বোধগম্য। তেওঁৰ ৰচিত প্ৰথম কবিতাটি প্ৰকাশ পাইছিল ১৯৫৭ চনত। ১৯৭২ চনত হীৰেণ ভট্টাচাৰ্যৰ প্ৰথমখন কবিতা পুথি ‘মোৰ দেশ, মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ পায়। তেওঁৰ কাব্য গ্ৰন্থ সমূহৰ ২ খন বঙালী ভাষাতো অনুদিত হৈছে। হীৰুদাৰ সৃষ্টিৰাজীৰ মাজত তোমাৰ গান, বিভিন্ন দিনৰ কবিতা, সুগন্ধি পখিলা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি আদি কাব্যগ্ৰন্থৰ উপৰি বহু কালজয়ী গীত উল্লেখযোগ্য। অসমীয়া সাহিত্য-সংস্কৃতিৰ এইগৰাকী পুৰোধাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকীত এন ই ভাৰতপৰিয়ালেও আদৰৰ হীৰুদালৈ যাঁচিছো সশ্ৰদ্ধপ্ৰণিপাত।।

You might also like
Leave A Reply

Your email address will not be published.