মহানগৰীত নিশা ড্ৰাগছ বিৰোধী অভিযান

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

মহানগৰীত উদ্ধাৰ বৃহত্‍ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য। নিশা বীৰুবাৰীত আৰক্ষীয়ে চলোৱা অভিযানতে উদ্ধাৰ হয় ড্ৰাগছখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ডেৰ কোটি টকা। আৰক্ষীয়ে পল্টনবজাৰ আৰু বীৰুবাৰীত চলাইছিল অভিযান। আৰক্ষীয়ে জব্দ কৰে ৬০০ গ্ৰাম ড্ৰাগছৰ ৪৩ টা পেকেট । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰুণ শৰ্মা, বিপুল শৰ্মা, চঞ্চল নাথ নামৰ তিনিজন লোকক। লাচিত নগৰতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় অভিযান। RCMৰ পিকআপ চেণ্টাৰত চলি আহিছিল ড্ৰাগছৰ বেহা।

You might also like
Leave A Reply

Your email address will not be published.