নিউজ ডেস্ক:

শিশু নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিকিৎসক দম্পতিৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু হৈছে একাধিক গোচৰ।
দুটিকৈ শিশুক তালিবানী শাস্তি প্ৰদান কৰা দম্পতিৰ বিৰুদ্ধে POCSO আইনে ল’ব সিদ্ধান্ত৷দ্বিতীয়তো শিশুক চলোৱা নিৰ্যাতনৰ বাবেও আন এক গোচৰ ৰুজো কৰা হ’ব POCSO আইনত৷
এতিয়া প্ৰশ্ন হয়, POSCO আইন মৰ্মে কি শাস্তি বিহা হ’ব ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক ৷ POSCO আইন অনুসৰি ৮ বছৰৰ তলৰ সকলো শিশুকে যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু পৰ্ণ’গ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। এই আইনখনৰ জৰিয়তে অপৰাধীক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে৷
লক্ষণীয়ভাৱে যিকেইটা অভিযোগত চিকিৎসক দম্পতিক এইপৰ্যন্ত অভিযুক্ত কৰা হৈছে এই অভিযোগ সমূহত দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ডও হ’ব পাৰে ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউলৰ৷

You might also like
Leave A Reply

Your email address will not be published.