গুৱাহাটীলৈ নতুন খিতাপ!

নিউজ ডেস্ক

যাত্ৰী পৰিবহণ আৰু যোগাযোগৰ ক্ষেত্ৰত গুৱাহাটী ৰে’লৱে ষ্টেচনে উত্তৰ-পূব ভাৰতৰ ভিতৰত বৃহত্তম ষ্টেচন হিচাপে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী ৰে’লৱে ষ্টেচনে এই গৌৰৱ দীৰ্ঘ সময়ৰ পৰা অধিকাৰ কৰি আহিছে । তালিকাখনত কাটিহাৰ আৰু নিউ জলপাইগুৰি ষ্টেচনে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। পশ্চিম বংগৰ NJP আৰু বিহাৰৰ কাটিহাৰৰ তুলনাত আন্তঃগাঁথনিৰ ক্ষেত্ৰত পিছ পৰি থাকিলেও গুৱাহাটীয়ে যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত এই খিতাপ দখল কৰি পুনৰ প্ৰমাণ কৰে যে ৰাজ্যখনত ৰে’ল যোগাযোগে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চলৈ চলোৱা সমীক্ষাত এই ফলাফল নিৰ্ণয় হয়।।

You might also like
Leave A Reply

Your email address will not be published.