মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা

নেচনেল ডেস্ক:

ধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। মধ্য প্ৰদেশৰ খাৰগনত দলঙৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত থিতাতে নিহত হয় কমেও ১৫ গৰাকী যাত্ৰী। আনহাতে গুৰুতৰভাৱে আহত হয় ২৫ গৰাকীকৈ যাত্ৰী।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ সময়ত বাছ খনত ৫০ জনৰো অধিক যাত্ৰী আছিল। বাছখন ইন্দোৰলৈ বুলি গৈ থকা অৱস্থাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।দুৰ্ঘটনাটোৰ পিছত, মধ্য প্ৰদেশ চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আগবঢ়োৱাৰ লগতে গুৰুতৰভাৱে আহত হোৱা সকলৰ চিকিৎসা সাহায্যৰ বাবে ৫০,০০০ টকাকৈ ঘোষণা কৰে। আনহাতে আহতসকলৰ বাবে অতিৰিক্ত ২৫,০০০ টকাকৈ ঘোষণা কৰে ৰাজ্য চৰকাৰে।।

You might also like
Leave A Reply

Your email address will not be published.