সেনা বাহিনীৰ বাহনৰ খুন্দাত নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰী!     

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ মালিগাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা। সেনা বাহিনীৰ বাহনৰ খুন্দাত নিহত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। আজি পুৱা মালিগাঁও ৩নং গেটত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়লৈ গৈ থকা পথতে সেনা বাহিনীৰ বাহনৰ খুন্দাত মৃত্যু মুখত পৰে  ছাত্ৰীগৰাকী। নিহত ছাত্ৰীগৰাকীৰ নাম লাৱণ্য পাল। মালিগাঁও ৰে’লৱে স্কুলত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ৰাইজে সেনা বাহিনীৰ বাহনখন জব্দ কৰাৰ লগতে জালুকবাৰী আৰক্ষী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

You might also like
Leave A Reply

Your email address will not be published.