ASSAM| ৩৩ দিনৰ জীৱন-মৃত্যুৰ যুঁজৰ অন্তত মৃদুমুদ্ৰা ডেকাৰ মৃত্যু: After 33 days of life-and-death struggle, Mridumudra Deka died

ASSAM| ৩৩ দিনৰ জীৱন-মৃত্যুৰ যুঁজৰ অন্তত মৃদুমুদ্ৰা ডেকাৰ মৃত্যু: After 33 days of life-and-death struggle, Mridumudra Deka died

নলবাৰী, ৩ জুলাই:  নলবাৰীৰ গঙ্গাপুৰত সংঘটিত চাঞ্চল্যকৰ আক্ৰমণৰ বলি হোৱা ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকাই প্ৰায় ৩৩ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)-ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজাৰ পিছত শুকুৰবাৰে পুৱা প্ৰায় ৭:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, ৩১ মে’ ২০২৬ তাৰিখে সংঘটিত এই ভয়ংকৰ আক্ৰমণত মৃদুমুদ্ৰা ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। চিকিৎসকসকলে জনোৱা অনুসৰি, তেওঁৰ শৰীৰত ৭-৮টা গভীৰ আঘাত আছিল। মেৰুদণ্ড আৰু ডিঙিৰ অংশত জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও আঘাতৰ গভীৰতাৰ বাবে শেষ পৰ্যন্ত তেওঁক বচাব পৰা নগ’ল। এই ঘটনাত ইয়াৰ পূৰ্বেই মৃদুমুদ্ৰাৰ ভাত তথা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। মৃদুমুদ্ৰাৰ মৃত্যুৰ সৈতে এই জঘন্য আক্ৰমণত নিহত লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে।

ASSAM| The awards were presented to Shamsuddin Ahmed, Manik Barbayan and Madhusudan Das, Bishnu Rabha Award and Gita Upadhyay, Sati Sadhani Award: চামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মানিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা, গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা

ইফালে, এই ঘটনাৰ মূল অভিযুক্ত আছিফ আলী ওৰফে ৰোজ আলীক আৰক্ষীয়ে ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল। জুন মাহৰ আৰম্ভণিতে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অপৰাধত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰৰ বাবে মুকালমুৱা অঞ্চললৈ নিয়াৰ সময়ত অভিযুক্তই আৰক্ষীৰ ৰাইফেল কাঢ়ি লৈ পলাই যাবলৈ চেষ্টা কৰা বুলি আৰক্ষীয়ে দাবী কৰে।

সেই সময়ত আৰক্ষীয়ে চলোৱা গুলীত আছিফ আলী ওৰফে ৰোজ আলীৰ মৃত্যু হৈছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। মৃদুমুদ্ৰা ডেকাৰ মৃত্যুৰ পিছত পুনৰবাৰ ন্যায় বিচাৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জোৰদাৰ হৈছে।

You might also like
Leave A Reply

Your email address will not be published.