Asian Institute of Nursing Education “ৰ চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় অভিৱৰ্তন

 

আই‌ আই টি গুৱাহাটীত ” Asian Institute of Nursing Education “ৰ চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় অভিৱৰ্তন ।

আজিৰে পৰা‌ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অভিৱৰ্তন খন ।

অভিৱৰ্তনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ Nursing Professionৰ লগত জড়িত কেইবা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।

আই আই টি গুৱাহাটীৰ ড’ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিৱৰ্তন খন আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ চেয়াৰমেন অধ্যাপক ডা: ধৰ্মেশ্বৰ দাস , জি এন আৰ চিৰ কাৰ্যবাহী সঞ্চালক ডা: মাধুৰ্য বৰা, সহকাৰী নাৰ্চিং অধীক্ষক জুনু শৰ্মা , Asian Institute of Nursing Educationৰ অধ্যক্ষ ডাঃ ৰন্জু ৰাণী দাস আৰু AINEৰ সহকাৰী অধ্যক্ষ সবিতা বায়নে ।

নাৰ্ছিং সেৱাৰ লগত জড়িত নাৰ্ছ সকলে আৰু কেনেদৰে নিজকে অধিক মানৱ সেৱাত উৎসৰ্গিত কৰিব পৰা যায় তাৰ বিষয়ে অভিৱৰ্তন খনত বিতং ভাৱে আলোচনা কৰা হয়।
অনাগত দিনত নাৰ্ছিং সেৱাৰ মানদণ্ড আৰু অধিক ‌উন্নত কৰাৰ বাবে কেনেধৰণৰ অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন কৰা হ’ব তাৰ ওপৰতো আলোচনা কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.