ASSAM | Beauty tips : ঠাণ্ডা দিনত আপোনাৰ চালখনৰ যত্ন কি দৰে লব জানেনে?

ঠাণ্ডা দিনত আপোনাৰ চালখনৰ যত্ন কি দৰে লব জানেনে?

ডিজিটেল ডেস্ক: ঠাণ্ডা দিনত ছালৰ সমস্যাৰ শেষ নাই। ঠাণ্ডাৰ দিন পৰাৰ লগে লগে প্ৰকৃতিত বতাহৰ প্ৰকোপ বাঢ়ে । যিদৰে বতাহত তিতা কাপোৰ থলে শুকাই যায় , ঠিক সেইদৰে ঠাণ্ডাৰ দিনত আমাৰ শৰীৰটোও শুকাই যায় । যাৰ বাবে বিভিন্ন ছালৰ সমস্যা ,খৰ খজুৱতি ,ছাল ফাটি যোৱা ,ওঁঠ গোৰোহা আদি ফাটি যোৱা চুলিৰ আগবোৰ ফাটি যোৱা , ছালৰ উজ্জলতা কমি যোৱা আদি সমস্যা আহে ।

ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ। সেয়ে আমি সকলোৱে ছাল খন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। আৰু এই সময়ত আমাৰ ছাল খন শুকাই যোৱাটো হৈছে এক বিশেষ সমস্যা ।আৰু এনে ক্ষেত্ৰত কি কৰিব লাগে ,কেনেকৈ আমি ঘৰুৱাভাৱে আমাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰো জানি লওক।

আমাৰ ছালখন শৰীৰৰ এক অন্যতম প্ৰয়োজনীয় তন্ত্ৰ হোৱাৰ উপৰি সৌন্দৰ্যৰো আধাৰ। সুষম আহাৰ, প্ৰচুৰ পানী খোৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিজ্ঞানসন্মত যতনেৰে আমি আমাৰ ছালখন স্বাস্থ্যৱান আৰু সুন্দৰ-সপ্ৰতিভ কৰি ৰাখিব পাৰো। অত্যাধিক সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ আৰু প্ৰদূষিত পৰিৱেশে ছালৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। তেনে বিৰূপ কাৰকৰ আঁচোৰৰ পৰা ছালক সুৰক্ষিত কৰিব লাগে। তেনেকৈ যিকোনো বিজ্ঞাপন আৰু প্ৰৰোচনাত ভোল গৈ ছালখনৰ ওপৰত অবৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিব নালাগে। কোনো বিকাৰে দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

ভিটামিন-চি
জলফাই, আমলখি, কেপচিকাম, নেমুজাতীয় ফল, কমলা, বিলাহী, সতেজ আলু আদিত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে।

ভিটামিন-এ
মাছ, সতেজ সেউজীয়া শাক-পাচলি, গাজৰ, বিলাহী, গাখীৰ, কণী, পনীৰ, মানিমুনি, ভেদাইলতা আদি শাকত এই ভিটামিন পৰ্যাপ্ত পৰিমাণে পোৱা যায়। তদুপৰি হালধীয়া ফল (পকা অমিতা, পকা আম) আদিত থকা বিটা কেৰাটিন এ ভিটামিন সমৃদ্ধ।

ভিটামিন-ই
আটা, ডালিয়া বা হুইটজাৰ্ম, কাঠবাদাম, বন্ধাকবি, কাজু বাদাম, মত্স্যজাত তেল, মাৰ্জাৰিন, বাদাম তেল, সূৰ্যমুখী বীজ, গোম আদিত যথেষ্ট ভিটামিন ই থাকে।

You might also like
Leave A Reply

Your email address will not be published.