ফাগুনৰ পছোৱাই আনিছে ডাঙৰ সমস্যা !

ছালৰ বিভিন্ন ৰোগৰ ঘৰুৱা প্ৰতিকাৰ সমূহৰ বিষয়ে জানো আহকঃ

 বছৰৰ বাৰ মাহৰ ভিতৰত ফাগুনৰ এক সুকীয়া বৈশিষ্ট্য আছে আৰু এইসময়ত জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হয়। পৰিবেশ শুকান হৈ পৰে। এই ফাগুন মাহতে বিভিন্ন উৎসৱে আমাৰ মনলৈ আনন্দৰ জোৱাৰ লৈ আনে কিন্তু আমাৰ বহুতৰে পছন্দৰ এই ফাগুন মাহতে কিন্তু বহু ৰোগ হোৱা পৰিলক্ষিত হয়। কাৰণ এইসময়ত বতাহত ধোঁৱা, ধূলিকণা, ভাইৰাছ আদি অণুজীৱ আদি মিহলি হৈ থাকে।যাৰ ফলত বেছিভাগ লোকেই কাহ, চৰ্দি, জ্বৰ, এলাৰ্জি, ছালৰ ৰোগ, বসন্ত ৰোগ, গেছ, বদ হজম, পেটৰ ৰোগ, ব্ৰংকাইটিছ, হাপানী আদিৰ দৰে সংক্ৰামক ৰোগে দেখা দিয়ে।

ফাগুন মাহত হোৱা কেতবোৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ আমি প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰো। সকলোৰে চিনাকি তেনে কেইবিধমান ঔষধি দ্ৰব্যৰ বিষয়ে জানো আহকঃ-

১) হালধিৰ অজস্ৰ গুণৰ কথা সকলোৱেই জানে। বিশেষকৈ এলাৰ্জিজনীত ৰোগ, ছালৰ ৰোগ, কফজনীত ৰোগ আদিত ইয়াৰ ব্যৱহাৰ বিচিত্ৰ। হালধীয়ে তেজো পৰিষ্কাৰ কৰে যাৰ বাবে ছালৰ ৰোগত ই মহৌষধৰ কাম কৰে।কেঁচা হালধিৰ ৰস দুই চামুচ একাপ গাখীৰৰ লগত ৰাতিপুৱা সেৱন কৰিলে সুফল দিয়ে। কেঁচা হালধি নাপালে শুদ্ধ গুৰি হালধি এচামুছ এগিলাচ গাখীৰৰ লগত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়।

২) তুলসীৰ পানীত থকা বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণে ছালক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি নখৰ শালমইনাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। যদি ছালত কোনো ধৰণৰ সংক্ৰমণ হয়, দৈনিক তুলসীৰ পানী ব্যৱহাৰ কৰিব। ইয়াৰ বাবে, প্ৰতি ৰাতি আৰু ৰাতিপুৱা মুখত তুলসীৰ পানী প্ৰয়োগ কৰিব।

৩) মাহ হালধিৰে মুখমণ্ডল আৰু গা পৰিষ্কাৰ কৰিব পাৰে। এই মিশ্ৰণৰ গুণাগুণ বৃদ্ধি কৰিবলৈ মাহ হালধিৰ লগত, তুলসী, নিমপাত আদি দিও লব পাৰে।

৪) বেচন, হালধি, দৈ মিহলাই পেক হিচাবে মুখত ব্যৱহাৰ কৰিব পাৰে। আৰু মচুৰ দাইল ভালকৈ ধুই গাখীৰত তিয়াই লৈ তাৰ লগত ছালৰ প্ৰকাৰ অনুসৰি নিমপাত, হালধি আদি মিহলাই পেক হিচাবে ব্যৱহাৰ কৰিলেও ছালৰ বিভিন্ন সমস্যাৰ দূৰ হয়।

৫) খাটি সৰিয়হ তেল বা অলিভ অইলেৰে দেহত মালিচ কৰি স্নান কৰিলে ছালৰ শুষ্কতা দূৰ হয়।

You might also like
Leave A Reply

Your email address will not be published.