১০ মে’ৰ পাছত মালদ্বীপত নাথাকিব এজনো ভাৰতীয় সেনা

চীনৰ সৈতে সামৰিক চুক্তি চাক্ষৰ মালদ্বীপৰ

চীনৰ সৈতে সামৰিক চুক্তি চাক্ষৰ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে কয় যে ১০ মে’ৰ পিছত কোনো ভাৰতীয় সামৰিক জোৱান মালদ্বীপৰ সীমাৰ ভিতৰত নাথাকিব।  আনকি অসামৰিক সাজ-পোছাক পৰিধান কৰিও কোনো ভাৰতীয় জোৱান মালদ্বীপত থাকিব নোৱাৰিব বুলিও মন্তব্য কৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।

উল্লেখ্য যে, অহা ১০ মাৰ্চত ভাৰতৰ সৈতে মালদ্বীপৰ সামৰিক চুক্তি অন্ত হ’ব। কিন্তু তাৰ পূৰ্বেই মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই নিশ্চয়কৈ ভাৰতৰ প্ৰতি থকা তেওঁৰ ক্ষোভকে প্ৰতিফলিত কৰিছে। দ্বীপ ৰাষ্ট্ৰখনৰ তিনিটা বৈমাণিক মঞ্চৰ ভিতৰত এটাৰ দায়িত্ব ল’বলৈ ভাৰতীয় অসামৰিক দল এটা মালদ্বীপত উপস্থিত হোৱাৰ এসপ্তাহ নৌহওঁতেই ৰাষ্ট্ৰপতি মুইজুৰ এই বক্তব্য প্ৰকাশ পাইছে।

মালদ্বীপৰ এটল ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰে ভাৰতীয় সৈন্যক দেশৰ পৰা বহিষ্কাৰ কৰাত সফলতা লাভ কৰাৰ বাবেই ভুৱা উৰাবাতৰি বিয়পোৱা লোকসকলে পৰিস্থিতিটোক বিকৃত কৰি প্ৰচাৰ কৰাৰ চেষ্টা চলাইছে।

যোৱা মাহৰ আৰম্ভণিতে ২ ফেব্ৰুৱাৰীত দিল্লীত দুয়োপক্ষৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতে ১০ মে’ৰ ভিতৰত মালদ্বীপত তিনিটা বৈমাণিক মঞ্চ পৰিচালনা কৰা সামৰিক জোৱানসকলক সলনি কৰিব আৰু এই প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় ১০ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব।

উল্লেখ্য যে, যোৱা বহুবছৰ ধৰি ভাৰতীয় সেনাই মালদ্বীপৰ জনতাক মানৱীয় আৰু চিকিৎসা সেৱা আগবঢ়াই আছিল। কিন্তু ভাৰত বিৰোধী শ্লোগানেৰে ক্ষমতালৈ অহা মহম্মদ মুইজুৱে শাসনলৈ আহিয়ে ভাৰত মহাসাগৰৰ কৌশলগতভাৱে অৱস্থিত দ্বীপপুঞ্জৰ পৰা ভাৰতীয় সেনাসকলক আঁতৰাই দিবলৈ দাবী জনাইছিল।

You might also like
Leave A Reply

Your email address will not be published.