অতিৰিক্ত চৰ্বী মাত্ৰা কাৰণে চিন্তিত নেকি আপুনি?

ঘৰুৱা উপায়েৰে হ্ৰাস কৰক আপোনাৰ সমস্যা!

ৰীৰত যেতিয়া চৰ্বীৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে আৰু ই শৰীৰত জমা হবলৈ ধৰে, ইয়াৰ পৰাই শৰীৰত মেদবহুলতা সৃষ্টি হয়। জমা হোৱা এই চৰ্বীবোৰেই আচলতে মেদবহুলতা। সাধাৰনতে শৰীৰৰ বেবে চৰ্বি লাভদায়কহে কিন্তু যেতিয়া ই অতিৰিক্ত হৈ যায় তেতিয়া ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে। বৰ্তমান সমাজত সকলো বয়সৰ লোককে চিন্তিত কৰা এটি সমস্যা হ’ল অতিৰিক্ত মেদবহুলতা। এনে পৰিস্থিতিত মেদবহুলতাৰ বিপদৰ বিষয়েও জনাটো অত্যন্ত জৰুৰী।

মেদবহুলতাৰ ফলত বিভিন্ন ৰোগ সৃষ্টি হয় । ইয়াৰ ভিতৰত ডায়েবেটিচ, কলেষ্টৰেল বৃদ্ধি, হৃদয়ৰোগ, উচ্চৰক্তচাপ আদিয়েই প্ৰধান। অত্যধিক খাদ্য খোৱা, ফাষ্ট ফুড, অসময়ত খাদ্য খোৱা, ৰাতি দেৰিকৈ খোৱা আৰু শোৱা, শাৰীৰিক পৰিশ্ৰম নকৰা ইত্যাদি কাৰণৰ বাবেও শৰীৰত অতি সোনকালে মেদবহুলতাৰ সৃষ্টি হয়।

মেদবহুলতা কমোৱাৰ কেইটামান ঘৰুৱা উপায় বিষয়ে জানো আহকঃ-

 

)নিয়মিত যোগ, প্ৰাণায়ামৰ অভ্যাসে মেদবহুলতা হ্ৰাস কৰে। বিশেষকৈ আঠটা মূল প্ৰাণায়ম অভ্যাস কৰক আৰু এইকেইটা ক্ৰমান্বয়ে হল–ভষ্ট্ৰিকা প্ৰাণায়াম, কপালভাটি, বাহ্য প্ৰাণায়াম, উজ্জায়ি, অনুলোম বিলোম, ভ্ৰামৰী, উদগ্ৰীথ্ আৰু প্ৰণব প্ৰাণায়াম। যোগাসনৰ ভিতৰত “সূৰ্য নমস্কাৰ” কৰাটো অত্যন্ত লাভদায়ক।

) চেনি বা চেনিৰে বনোৱা যিকোনো দব্য খোৱা পৰা যিমান সম্ভৱ সিমান কমাব কাৰণ মেদ হ্ৰাস কৰাত চেনিয়ে বাধা দিয়ে। চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰক, ই কফনাশক আৰু মেদবহুলতা হ্ৰাস কৰাত সহায়ক।

) নিতৌ ঊষাপান কৰক। আয়ুৰ্বেদত ঊষাকালে অৰ্থাৎ সূৰ্যোদয়ৰ পূৰ্বে পানী খোৱাকে ঊষাপান বুলি কোৱা হয়। খালী পেটত কুহুমীয়া গৰম পানী খাব লাগে।

) মেদবহুলতা হ্ৰাস কৰাত এক মুখ্য উপাদান হ’ল ত্ৰিফলা। ই যথেষ্ট ফলপ্ৰসূ। আপুনি যদি নিতৌ এক চামুচ ত্ৰিফলা চূৰ্ণ আধা চামুচ মৌ বা সামান্য গুড়ৰ লগত ভালদৰে মিহলাই খায় তেন্তে মেদবহুলতা হ্ৰাস কৰাত যথেষ্ট সহায়ক।

) মেদবহুলতা হ্ৰাস কৰিবলৈ ক্ষাৰীয় বস্তু যেনে- গাজৰ, জাতিলাউ, অমিতা, সেউজীয়া শাক-পাচলি আদি বেছিকৈ খাব লাগে। কেঁচা বা সিদ্ধ কৰা বন্ধাকবি দৈনিক সেৱন কৰিলেও শৰীৰৰ ওজন হ্ৰাস হয়। বন্ধাকবি থকা টাৰটাৰিক এচিডে শৰ্কৰা আৰু কাৰ্বোহাইড্ৰেটক চৰ্বীলৈ ৰূপান্তৰিত হোৱাত বাধা প্ৰদান কৰে।

৬)দালচেনী আৰু মৌৰ চাহ বনাই খালেও সুফল পোৱা যায়। ই আমাৰ শৰীৰৰ বিপাক ক্ৰিয়াত সহায় কৰে, শক্তি প্ৰদান কৰে আৰু শৰীৰক প্ৰদূষণ মুক্ত (Detoxification) কৰে আৰু এই সকলোবিলাক কাৰ্য্যই শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায় কৰে। আধা চামুচ দালচেনীৰ গুড়ি একাপ গৰম পানীত মিহলাই আধা ঘণ্টা ৰাখি থৈ তাত এচামুচ মৌ মিহলাই সেৱন কৰিব লাগে।

 

আমাৰ শৰীৰৰ ওজন বৃদ্ধি বা মেদবহুলতা আমাৰ নিজৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভাসৰ প্ৰভাৱত হয় আৰু ইয়াৰ নিয়ন্ত্ৰণো আমাৰ নিজৰ হাততে থাকে। গতিকে, স্বাস্থ্য ভালে ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা উচিত।

 

You might also like
Leave A Reply

Your email address will not be published.