‘চিকুনাই ৰাখা তোমাৰ ফুলনিখিনি

উৰিব পখিলা সোনালী কিৰণ সানি''

“চিকুনাই ৰাখা তোমাৰ ফুলনিখিনি
উৰিব পখিলা সোনালী কিৰণ সানি”

বনফুল কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ওপজাদিন

আজি বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ ওপজাদিন। অসমীয়া সাহিত্যত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আছিল। যতীন্দ্ৰ নাথ দুৱৰাক ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি বুলি কোৱা হয়। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হৈছিল।

১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত জন্মগ্ৰহণ কৰা অসমৰ প্ৰসিদ্ধ কবি লগতে সু-সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম পুণ্যদা দুৱৰা। পাচঁজন পুত্ৰ-সন্তান আৰু দুগৰাকী কন্যা-সন্তানৰ মাজত যতীন্দ্ৰনাথ দুৱৰাই আছিল কনিষ্ঠ পুত্ৰ। তেওঁ এজন চিৰ কুমাৰ আছিল অৰ্থাৎ তেওঁ বিয়া পতা নাছিল।

দুৱৰাদেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকাৰ সময়তে তেখেতে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰত অসমীয়াৰ অধ্যাপনাও কৰিছিল।

দুৱৰাই ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ কলিকতাৰ স্কটিছ চাৰ্ছ কলেজত বুৰঞ্জী বিষয়ৰ শিক্ষকতাও কৰিছিল। ইয়াৰ পিছত কিছু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কলিকতাৰ চাকৰি এৰি আহি উপাধ্যক্ষ লক্ষ্মীনাথ দত্তৰ উদ্যোগত ১৯৪৮ চনত বৰ্তমানৰ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই ১৯৬০ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে অভিহিত যতীন্দ্ৰ নাথ দুৱৰাদেৱে ৰচনা কৰা ‘ওমৰ তীৰ্থ’ অসমীয়া কাব্য সাহিত্যত চুফীবাদৰ সহজ-সৰল আৰু সাৱলীল প্ৰকাশ। ”কথা কবিতা” হৈছে অসমীয়া কাব্য সাহিত্যলৈ তেওঁৰ আন এক অৱদান। তেখেতৰ কবিতাত ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰি আদি কবিসকলৰ দ্বাৰা প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

তেখেতৰ দ্বাৰা ৰচিত কেইটামান বিখ্যাত আৰু জনপ্ৰিয় কবিতা হ’লঃ অতীতক যোৱাহে পাহৰি, নাযাবা পাহৰি, শূণ্য পৰিচয়, তোমালৈ, সপোনৰ সুৰ, বাটৰুৱা, নাৱৰীয়া ইত্যাদি। আৰু তেখেতৰ গ্ৰন্থৰাজিসমূহ হ’লঃ ওমৰ তীৰ্থ,কথা কবিতা, আপোন সুৰ, বনফুল, আৰু মিলনৰ সুৰ।তাৰ উপৰিও তেখেতৰ বিভিন্ন ৰচনাৱলীৰ বাবে অসমীয়া সাহিত্যত ‘বনফুলৰ কবি’ বুলি কোৱা হয়।

১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰাই অলংকৃত কৰিছিল আৰু সমান্তৰালকৈ ১৯৫৫ চনত ”বনফুল” কাব্যখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।’বনফুল’ কবি হিচাপে জনাজাত, অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত প্ৰথম গৰাকি সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ ১৯৬৪ চনৰ ৫ জুলাইত শিৱসাগৰত ইহলীলা সম্বৰণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.