ASSAM | Distribution of pillows to street dwellers in Guwahati : গুৱাহাটীৰ পদপথৰ বাসিন্দা বয়োজ্যেষ্ঠক আঁঠুৱা বিতৰণ

গুৱাহাটীৰ পদপথৰ বাসিন্দা বয়োজ্যেষ্ঠক আঁঠুৱা বিতৰণ

নিউজ ডেস্ক, ১৭ জুলাইঃ  অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম অৰ্থাৎ ONGC যোৰহাটৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী মহানগৰৰ পদপথত জীৱননিৰ্বাহ কৰা বয়োজ্যেষ্ঠ লোকসকলৰ বাবে আঁঠুৱা বিতৰণ, পৰিচৰ্য্যা আৰু স্বচ্ছতাৰ সজাগতা আৰম্ভ কৰা হয়।

আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্য্যসূচীত উলুবাৰী আৰু লাচিত নগৰৰ কাষৰীয়া অঞ্চলৰ পদপথৰ লোকক এই সেৱা আগবঢ়োৱা হয়। উল্লেখ্য যে পথিকে সামাজিক দায়বদ্ধতাৰ আঁত ধৰি বিগত ২২ বছৰে দৰিদ্ৰ লোকৰ মৃত্যুৰ সময়ত শ্মশানৰ কাৰ্য্যত সহায়ৰ বাবে প্ৰকল্প “মুক্তিপথ”, “বিনামূলীয়া দেওবৰীয়া বহিৰ্বিভাগ”, “মহিলাৰ স্বচ্ছতাৰ প্ৰকল্প “শ্ৰীময়ী”, “জলস্পন্দন”, “হেঁপাহ”, “ৰক্তদূত” আদি ১৫ টা প্ৰকল্পৰে আৰ্তজনক সহায় আগবঢ়াই আহিছে। বিশেষভাৱে বয়োজ্যেষ্ঠ লোকসকল, যাৰ নিজে কিবা কৰাৰ সামৰ্থ নাথাকে, পাবলগীয়া বস্তু আঁজুৰি অনাৰ সামৰ্থ নাথাকে, এইসকল লোক সদায়ে বঞ্চিত হৈ আহিছে ।

ASSAM | Distribution of pillows to street dwellers in Guwahati : গুৱাহাটীৰ পদপথৰ বাসিন্দা বয়োজ্যেষ্ঠক আঁঠুৱা বিতৰণ
আজি পথিকে এইসকলৰ বাবে এই প্ৰকল্প হাতত লৈ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পথৰ দাঁতিত জীৱন কটোৱা বয়োজ্যেষ্ঠ লোকক আঁঠুৱা বিতৰণ কৰাৰ ব্যৱস্থা কৰে। ONGC, যোৰহাটৰ সহযোগত অনুষ্ঠিত আজিৰ কাৰ্য্যসূচীত উপস্থিত থাকে উপ-সভাপতি মিনতি বৰুৱা, প্ৰকল্প সমন্বয়ক মনালিছা মহন্ত, প্ৰশাসক প্ৰকাশ বৰুৱা, মহিলা স্বচ্ছতাৰ পৰামৰ্শদাতা তথা সমন্বয়ক ৰাজলক্ষ্মী ৰাজশ্ৰী আৰু সঞ্চালক ভিক্টৰ ৰাজকুমাৰ। এই প্ৰকল্পৰ সময়ত কোনো বৃদ্ধ লোকৰ চিকিৎসাৰ প্ৰয়োজনৰ চকুত পৰিলে, সেইয়াও সামৰি লোৱা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
You might also like
Leave A Reply

Your email address will not be published.