মানুহৰ নহয়, এইবাৰ আৰম্ভ হৈছে হাতীৰ NRC প্ৰক্ৰিয়া

অসমত ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া আৰম্ভ ।

মানুহৰ নহয়, এইবাৰ আৰম্ভ হৈছে হাতীৰ NRC প্ৰক্ৰিয়া । অসমত ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া আৰম্ভ । হাতীৰ তেজ, শ্বাব আদিৰ নমুনা লোৱা হৈছে আৰু লগোৱা হৈছে মাইক্ৰ’চিপ ।

সমগ্ৰ দেশতেই আৰম্ভ হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া । দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰা হৈছে ঘৰচীয়া বা পোহনীয়া হাতীৰ তথ্য সংগ্রহৰ কাম । ভাৰত চৰকাৰৰ বন মন্ত্ৰালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই গণনা কাৰ্য । সমগ্ৰ দেশত কিমানটা হাতী বন্দী হৈ আছে তাৰ প্ৰকৃত তথ্য উদ্‌ঘাটন কৰাৰ বাবে ভাৰত চৰকাৰে এই পদক্ষেপ হাতত লৈছে ৷ বন বিভাগৰ মুখ্য গণনা বিষয়া আৰু ঘৰচীয়া হাতীৰ বিশেষজ্ঞ ড৹ গোপাল ছেত্ৰীৰ নেতৃত্বত বন বিভাগৰ এটা দলৰ সহযোগত চলিছে এই গণনা কাৰ্য । এটা ঘৰচীয়া বা পোহনীয়া হাতীৰ জোখ-মাখ, তেজ, শ্বাবৰ নমুনা সংগ্ৰহৰ অন্তত কাণত মাইক্ৰ’চিপ লগাই দিয়া হয় । হাতীৰ উচ্চতা, দৈৰ্ঘ্য, দাত, নখ আদিৰ বিৱৰণ হাতীৰ গৰাকীৰ নামৰ সৈতে অন্লাইনত উপলব্ধ থাকিব । সমগ্ৰ দেশতেই হাতী গণনাৰ কাম সমাপ্ত হোৱাৰ পিছত হাতীৰ গৰাকীক হাতীটোৰ নামত প্ৰদান কৰা হব এখন প্ৰমাণ পত্ৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বন সংমণ্ডলৰ অন্তৰ্গত পেঙেৰীৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তৰাণি গাঁৱত বন বিভাগৰ এটা দল উপস্থিত হৈ গাওঁখনৰ লোকসকলৰ ঘৰচীয়া হাতীৰ তথ্য সংগ্ৰহ কৰে । এই সন্দৰ্ভত ড৹ গোপাল ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতবৰ্ষত বন বিভাগ আৰু ব্যক্তিগতভাৱে কিমান ঘৰচীয়া হাতী আছে তাৰ এক প্ৰকৃত তথ্য পোৱা যাব । বন্দী হাতীৰ গগণা আৰু মাইক্ৰ’চিপ লগোৱাৰ সময়ত হাতীটোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । ঘৰচীয়া হাতীৰ কাণত মাইক্ৰ’চিপ লগোৱা থাকিলে কোনো ব্যক্তিয়ে হাতীটোক অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব ।

You might also like
Leave A Reply

Your email address will not be published.