ASSAM | Ganeshguri protest : অপৰাধ আৰু অবৈধ দখলৰ বিৰুদ্ধে গণেশগুৰিত দুঘণ্টীয়া বন্ধ, জনজীৱন স্তব্ধ

ASSAM | Ganeshguri protest : অপৰাধ আৰু অবৈধ দখলৰ বিৰুদ্ধে গণেশগুৰিত দুঘণ্টীয়া বন্ধ, জনজীৱন স্তব্ধ

গুৱাহাটী: অপৰাধমূলক কাৰ্যকলাপ আৰু পথ-দখলমুক্ত গণেশগুৰিৰ দাবীত মঙলবাৰে গুৱাহাটীৰ অন্যতম ব্যস্ত বাণিজ্যিক কেন্দ্ৰ গণেশগুৰিত দুঘণ্টীয়া বন্ধ পালন কৰা হয়। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলা এই বন্ধৰ ফলত সমগ্ৰ অঞ্চলটোত জনজীৱন আংশিকভাৱে স্তব্ধ হৈ পৰে। অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে সমৰ্থনত দোকান-পোহাৰৰ শ্বাটাৰ বন্ধ ৰাখে।

গ্ৰেটাৰ গণেশগুৰি চেম্বাৰ অৱ কমাৰ্চ, গণেশগুৰি নাগৰিক সভা, গণেশগুৰি স্পৰ্টছ এণ্ড কালচাৰেল ইউথ মঞ্চকে ধৰি প্ৰায় ১০টাকৈ ব্যৱসায়ী আৰু সামাজিক সংগঠনে এই বন্ধৰ আহ্বান জনায়। অঞ্চলটোত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপ, নিশাৰ ভাগত ড্ৰাগছ ব্যৱসায়, অসামাজিক তৎপৰতা আৰু পথচাৰীৰ ফুটপাথত অবৈধ দখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বন্ধৰ সমান্তৰালভাৱে গোপাল বড়ো বিদ্যালয়ৰ খেলপথাৰত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়। এই সভাত স্থানীয় বাসিন্দা, ব্যৱসায়ী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষাৰ্থী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, গণেশগুৰিত নিশাৰ ভাগত ড্ৰাগছৰ বেহা, চোৰ-ডকাইতি, পকেটমাৰি আদি অসামাজিক কাৰ্যকলাপ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আনহাতে, ফুটপাথত অবৈধ দখলৰ বাবে পথচাৰীসকলে বাধ্য হৈ মূল ৰাজপথেৰে চলাচল কৰিবলগীয়া হৈছে। ইয়াৰ ফলত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পোৱাৰ লগতে ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰা হয়।

স্থানীয় বাসিন্দাসকলে বিশেষকৈ বৃহিগু বজাৰ অঞ্চলত ড্ৰাগছ ব্যৱসায় আৰু পকেটমাৰৰ উৎপাত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনায়।

ইফালে, প্ৰতিবাদকাৰীসকলৰ একাংশই আৰক্ষী আৰু গুৱাহাটী পৌৰ নিগমৰ (GMC) কিছু বিষয়া-কৰ্মচাৰীৰ সৈতে অসামাজিক চক্ৰৰ গোপন যোগাযোগ থকাৰ অভিযোগো উত্থাপন কৰে। তেওঁলোকৰ দাবী, বাৰে বাৰে উচ্ছেদ অভিযান চলোৱা আৰু অসামাজিক তৎপৰতাৰ সৈতে জড়িত লোকক আটক কৰা হলেও, পিছদিনাই পুনৰ একেই পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰী সংগঠনসমূহে জনায় যে, তেওঁলোকে ইতিমধ্যে প্ৰশাসনক এখন স্মাৰকপত্ৰ দাখিল কৰিছে। অহা ১০ দিনৰ ভিতৰত অপৰাধমূলক কাৰ্যকলাপ বন্ধ কৰাৰ লগতে ফুটপাথসমূহ অবৈধ দখলমুক্ত নকৰিলে, আগন্তুক দিনত পূৰ্ণদিবসীয়া বন্ধকে ধৰি অধিক কঠোৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২২ জুনত গণেশগুৰিৰ আৰ.পি. ৰোডৰ মহিলাসকলে নিশাৰ ভাগত লাঠি হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকেও অঞ্চলটোত বৃদ্ধি পোৱা অসামাজিক কাৰ্যকলাপ আৰু আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপন কৰিছিল।

গণেশগুৰি গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু প্ৰশাসনিক কেন্দ্ৰ। অঞ্চলটোত বহু চৰকাৰী কাৰ্যালয়, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান, আৱাসিক এলেকা আৰু শিক্ষানুষ্ঠান থকাৰ বাবে প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম হয়। এনে পৰিস্থিতিত আইন-শৃংখলা আৰু পথচাৰীৰ সুৰক্ষাক লৈ স্থানীয় লোকসকলৰ উদ্বেগ ক্ৰমাৎ বৃদ্ধি পাইছে।

You might also like
Leave A Reply

Your email address will not be published.