আজি ২৭ জুলাই

১৮৪৪ ইংৰাজ ৰসায়নবিদ, পৰমাণুতত্ত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু
১৮৭৫ বিশিষ্ট চিকাৰী তথা লেখক জিম কৰবেটৰ ভাৰতৰ নাইনিতালত জন্ম
১৮৮৯ লণ্ডনত দাদাভাই নৌৰজীৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ ইণ্ডিয়া শাখা প্ৰতিষ্ঠা
১৯৫৬ ব্ৰিটেইন আৰু ফ্ৰান্সৰ পৰা ছুৱেজ খালৰ কতৃত্ব ইজিপ্তলৈ হস্তান্তৰিত
১৯৭২ নক্সাল আন্দোলনত বিশিষ্ট নেতা চাৰু মজুমদাৰৰ কাৰাবন্দী অৱস্থাত মৃত্যু
১৯৯৮ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত দ্বিতীয় জিম কিং
১৯৯৯ ৪০০ মিটাৰ দৌৰত মাইকেল জনচনৰ নতুন বিশ্ব অভিলেখ
২০০১ কেন্দ্ৰৰ দ্বাৰা নগা অস্ত্ৰসম্বৰণ চুক্তিৰ ভৌগলিক সম্প্ৰসাৰণ প্ৰত্যাহাৰ
২০০২ উপৰাষ্ট্ৰপতি কৃষ্ণ কান্তৰ ৭৫ বছৰ বয়সত মৃত্যু
২০০৩ বশিষ্ঠৰ মথাউৰি ভগাৰ ফলত গুৱাহাটী মহানগৰীৰ এক বৃহৎ অঞ্চল জলমগ্ন

২০০৫ একেৰাহে চলি থকা ধাৰাষাৰ বৰষুণৰ ফলত সমগ্ৰ মুম্বাইত ভয়াৱহ বানত ৪৫০জন লোকৰ মৃত্যু। একে সময়ত মুম্বাই উপকুলৰ পৰা ১৬০ কিলোমিটাৰ

আঁতৰত আৰৰ সাগৰত অৱস্থিত অ এন জি চিৰ সামুদ্ৰিক তৈলক্ষেত্ৰ বম্বে হাই প্লেটফৰ্মত আন এখন সহায়ক জাহাজে খুন্দা মৰাৰ ফলত প্লেটফৰ্মত জুই লাগে। এই অগ্নিকাণ্ডৰ ফলত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩২ হাজাৰ কোটি টকাৰ লোকচান হয়।

 

You might also like
Leave A Reply

Your email address will not be published.