ভাৰত হ’ব পৃথিৱীৰ তৃতীয় বৃহত্তম অৰ্থনীতি!

২০২৭ত জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰিব ভাৰতৰ অৰ্থনীতিয়ে!

ভাৰত হ’ব পৃথিৱীৰ তৃতীয় বৃহত্তম অৰ্থনীতি!
০২৭ত জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰিব ভাৰতৰ অৰ্থনীতিয়ে!

২০২৭ত জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰিব ভাৰতৰ অৰ্থনীতিয়ে! আন্ত:ৰাষ্ট্ৰীয় বিনিয়োগ বেংক আৰু বিত্তীয় সেৱা প্ৰতিষ্ঠান জেফ্ৰিছে ২১ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অহা ৪ বছৰত ভাৰতৰ জিডিপিয়ে ৫ ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। তদুপৰি বিশ্বৰ ২খনকৈ উন্নত দেশক অতিক্ৰম বিশ্ব অৰ্থনীতিত ভাৰতে তৃতীয় স্থান দখল কৰিব বুলিও উক্ত প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰে।
প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, ২০৩০ চনৰ ভিতৰত ভাৰত প্ৰায় ১০ ট্ৰিলিয়ন ডলাৰৰ এখন বজাৰত পৰিণত হ’ব আৰু বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে ভাৰতক আওকাণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব।
এটা দশক পূৰ্বলৈকে নৱম স্থানত থকা ভাৰতৰ অৰ্থনীতি বৰ্তমান ৩.৪ ট্ৰিলিয়ন ডলাৰৰ নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদনেৰে বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিলৈ পৰিৱৰ্তিত হৈছে। ইতিমধ্যেই ভাৰতৰ ক্ৰয় ক্ষমতা সমতাৰ ওপৰত ভিত্তি কৰি মুঠ ঘৰুৱা উৎপাদন ১৩.২ ট্ৰিলিয়ন ডলাৰ হৈছে, যাৰ ফলত ইয়াক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি বুলি ক’ব পাৰি বুলি উক্ত প্ৰতিবেদনখনত কোৱা হৈছে।

প্ৰতিবেদনখনত জি এছ টি ৰূপায়ণ, ৰিয়েল এষ্টেট ৰেগুলেচন এক্ট (ৰেৰা) আৰু বিমুদ্ৰাকৰণৰ দৰে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ প্ৰভাৱৰ বিষয়েও আলোচনা কৰা হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে, এই সংস্কাৰসমূহ দীৰ্ঘম্যাদী পৰিকল্পনাসমূহৰ বাবে ভাল আছিল যদিও হস্ৰম্যাদি পৰিকল্পনাসমূহত ই বিৰূপ প্ৰভাৱ পেলাইছিল। তথাপিও সেই সময়ত ভাৰতৰ জিডিপি বৃদ্ধি পাইছিল।
বিত্তীয় সেৱা প্ৰতিষ্ঠান জেফ্ৰিছৰ প্ৰতিবেদনত প্ৰকাশিত অনুসৰি, অহা ৫/৭ বছৰত ভাৰতীয় ইকুইটি বজাৰে ৮%-১০% ডলাৰৰ ৰিটাৰ্ণ দি থাকিব।

You might also like
Leave A Reply

Your email address will not be published.