মৰিগাঁও জিলা যোগান বিভাগৰ অভিযান

লাহৰীঘাটত অবৈধ গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে অভিযান ।

দাতিয়ালবড়িত অবৈধভাৱে মজুত ৰখা ১৬ টাকৈ ঘৰুৱা চিলিণ্ডাৰ জব্দ ।

মৰিগাঁও জিলাৰ বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ বিভিন্ন স্থানত‌ দীর্ঘদিন ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ অবৈধভাৱে বিক্ৰী কৰি আহিছে একাংশ মুনাফালোভী চক্ৰই । আজি অবৈধ গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে লাহৰীঘাটত মৰিগাঁও জিলা যোগান বিভাগে‌ অভিযান চলায় । জিলা যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত অহা এটি দলে লাহৰীঘাটৰ দাতিয়ালবড়ী তিনিআলিত অভিযান চলাই জব্দ কৰে বহু কেইটা অবৈধ চিলিণ্ডাৰ । ফাইজুৰ ৰহমানৰ বাসস্থানৰ পৰা অবৈধভাৱে মজুত ৰখা ১৬ টাকৈ খালী ঘৰুৱা গেছ চিলিণ্ডাৰ জব্দ কৰে । উল্লেখযোগ্য যে লাহৰীঘাটৰ শান্তি গেছ এজেন্সীয়ে মুকলি বজাৰত অধিক দামত বিক্ৰীৰ বাবে যোগান দিয়ে এই গেছ চিলিণ্ডাৰ সমূহ । পূৰ্বৰে পৰা শান্তি গেছ এজেন্সীৰ বিৰুদ্ধে কলা বজাৰত চিলিণ্ডাৰ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আছে । এনে ক্ষেত্ৰত মৰিগাঁও জিলা যোগান বিভাগে শান্তি গেছ এজেন্সি বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

You might also like
Leave A Reply

Your email address will not be published.