ওদালগুৰিত কৃতি ছাত্ৰক আছুৰ সম্বদ্ধনা

দালগুৰিত কৃতি ছাত্ৰক আছুৰ সম্বদ্ধনা। ছাত্ৰ-ছাত্ৰী সকলক জাতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান। ওদালগুৰিৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতিমান ছাত্ৰ-ছাত্ৰীক আছুৰ অভিনন্দন। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে স্থানীয় পৌৰসভাৰ সভাকক্ষত আয়োজিত বিশেষ অনুষ্ঠানত প্ৰায় ১০০ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বদ্ধনা জনোৱা হয়। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি অৰ্নৱজান ওজাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহ- সম্পাদক দীপক শৰ্মাই ছাত্ৰ- ছাত্ৰী সকলক অভিনন্দন জনাই নিজকে মানুহ হিচাপে গঢ় দিয়াৰ লগতে জাতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। শিক্ষা সম্পাদক টুটু মনি কলিতাই অনুষ্ঠানত উপস্হিত কৃতি ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনায়। ছাত্ৰ- ছাত্ৰী সকলৰ সুবিধাৰ বাবে সময়মতে পাঠ্যপুথি যোগান ধৰিবলৈ চৰকাৰৰ দাবী জনায়।।

You might also like
Leave A Reply

Your email address will not be published.