Assam| Keshav Mahanta: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত ধেমাজি জিলাত উপস্থিত

নিউজ ডেক্সঃৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি আগবেলাৰ ভাগতে ধেমাজি জিলাত উপস্থিত হৈ জোনাই সমষ্টিৰ অন্তৰ্গত চিচিবৰগাঁও ৰাজহ চক্ৰৰ বানপীড়িত এলেকা পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীগৰাকীয়ে আগবেলাৰ ভাগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু, চিচিবৰগাঁৱৰ বিধায়ক জীৱন গগৈ আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে জোনাই সমষ্টিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চিমেনমুখ গাঁও পঞ্চায়তৰ আনন্দ নগৰত চিমেন নদীৰ গৰাখহনীয়া আৰু বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ চাক্ষুক বুজ লয়।

https://adtu.in/
ADVERTISEMENT

দুয়োগৰাকী মন্ত্ৰীয়ে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অসুবিধাৰ বুজ লয়। বানাক্ৰান্ত লোকসকলে যাতে সময়মতে খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহ লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহক মন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰী মহন্তই চিমেন নদীৰ ওপৰত থকা ৰে’ল দলংখনৰ ভাঙি যোৱা অংশও পৰিদশন কৰে।

You might also like
Leave A Reply

Your email address will not be published.