শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ আদৰণি অনুষ্ঠান

শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ আদৰণি অনুষ্ঠান । আজি ভাদ মাহৰ প্ৰথমটো দিন আৰু প্ৰথম দিনটোতে তেজপুৰ চহৰৰ মাজগাওঁৰ বৰ নামঘৰত এখন শৰাই আগবঢ়াই ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ লয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। লগতে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা জোনাইৰ পৰা সোণাইলৈ আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। আজিৰ সভাখন আয়োজন কৰে শোণিতপুৰ জিলাৰ কংগ্ৰেছ কমিটিয়ে হিলিবিলি হোটেলত। বিগত সময়ছোৱাত ভুপেন বৰাৰ নেতৃত্বত দলটোৱে লাভ কৰা গতিশিলতাই প্ৰতিগৰাকী দলীয় কৰ্মীক নিশ্চিতভাৱে উৎসাহিত কৰিছে । এই আই ডি ইউ এফৰে মিত্রতা ভংগ আৰু শক্তিশালী ৰূপত বিৰোধী ঐক্যমঞ্চ গঠনে যোৱা লোকসভা নিৰ্বাচনত আশাব্যঞ্জক ফলাফল দিয়াৰ লগতে দলে লাভ কৰা ভোটৰ হাৰ বৃদ্ধি পোৱাটোও লক্ষ্যণীয় । বিগত লোকসভা নিৰ্বাচনত তিনি গৰাকী সাংসদ পাবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে । এই তিনি গৰাকী সাংসদেই স্বকীয় পৰিচয়ৰে কেৱল অসমৰে নহয় ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটতো উজ্বলি উঠাতো গৌৰৱৰ কথা বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ইতিমধ্যে, শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা জনাই শিলে কথা কোৱা , প্ৰকৃতিয়ে গঢ়ি দিয়া অগ্নিগড় , ৰঙাগড়া, ঔগুৰি, ধেনুখনা ইত্যাদি কেইটিমান টিলা সদৃশ পাহাৰেৰে সুৰক্ষিত আৰু সুশোভিত দেৱৰো দুৰ্লভ চহৰ এই তেজপুৰতে বুকুত পুহি ৰাখিছে ইতিহাসৰ গৌৰবময় কাহিনী। আৰ্থ সমাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশৰ পৰা গভীৰ সংকট অসমৰ বাবে অতি স্পৰ্শকাতৰ সময়ৰূপে পৰিগণিত পৰিলক্ষিত হিচাপে আজি এই ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত উপস্থিত হৈ ভৱিষ্যৎ পথৰ মানচিত্ৰ অঁকাত এক দিক নিৰ্ণায়কৰ ভুমিকা এই সভাখনৰ যোগেদি গ্ৰহণ কৰিবলৈ আহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

You might also like
Leave A Reply

Your email address will not be published.