ASSAM| Shooting incident in Bihali forest area I will not allow anyone to destroy forests — Jayant Mallabarua: বিহালীৰ বনাঞ্চলত গুলীচালনাৰ ঘটনা বন ধ্বংস কৰিবলৈ কাকো অনুমতি নিদিওঁ — জয়ন্ত মল্লবৰুৱা

বিহালীৰ বনাঞ্চলত গুলীচালনাৰ ঘটনা বন ধ্বংস কৰিবলৈ কাকো অনুমতি নিদিওঁ — জয়ন্ত মল্লবৰুৱা

বিহালী সংৰক্ষিত বনাঞ্চলত অসম বন বিভাগৰ কৰ্মচাৰীৰ ওপৰত গুলীচালনাৰ ঘটনাৰ পিছতে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। বৃহস্পতিবাৰে বিশ্বনাথ চাৰ্কিট হাউছত বন বিভাগ, অসম আৰক্ষী আৰু ইক’লজিকেল টাস্ক ফ’ৰ্চৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে, অসমৰ বনভূমি ধ্বংস কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব।

বৈঠকৰ পিছত মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু বনাঞ্চল পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত যোৱা কেইদিনমান ধৰি বনভূমি ধ্বংসৰ ঘটনা সংঘটিত হৈছে। ৰাজ্য চৰকাৰৰ মূল অগ্ৰাধিকাৰ হৈছে সংৰক্ষিত বনাঞ্চল সুৰক্ষিত ৰখা। বনভূমি দখল বা ধ্বংসৰ সৈতে জড়িত যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে।

ASSAM| Shooting incident in Bihali forest area I will not allow anyone to destroy forests — Jayant Mallabarua: বিহালীৰ বনাঞ্চলত গুলীচালনাৰ ঘটনা বন ধ্বংস কৰিবলৈ কাকো অনুমতি নিদিওঁ — জয়ন্ত মল্লবৰুৱা
https://adtu.in/উল্লেখযোগ্য যে, বুধবাৰে বিশ্বনাথ জিলাৰ বেহালী সংৰক্ষিত বনাঞ্চলত কৰ্তব্যৰত অসম বন বিভাগৰ এটা দলৰ ওপৰত অৰুণাচল প্ৰদেশৰ পৰা অহা বুলি অভিযোগ উত্থাপিত একাংশ দুৰ্বৃত্তই গুলীচালনা কৰে। বন বিভাগৰ তথ্য অনুসৰি, সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে ঘৰ নিৰ্মাণৰ চেষ্টা প্ৰতিহত কৰিবলৈ যোৱাৰ সময়তে বনকৰ্মীসকলৰ লক্ষ্য কৰি প্ৰায় ৫০ জাঁই গুলীচালনা কৰা হয়। অৱশ্যে, এই ঘটনাত কোনো লোক আহত হোৱা নাই।

ইফালে, ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাৰ তদন্ত অব্যাহত থকাৰ লগতে বনভূমি সুৰক্ষাক লৈ চৰকাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পুনৰ আশ্বাস দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.