শিৱসাগৰত জঘন্য ঘটনা! নৰপিশাচৰ কামনাৰ বলি এগৰাকী যুৱতী

পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। শিৱসাগৰত এইবাৰ নৰপিশাচৰ কামনাৰ বলি এগৰাকী যুৱতী ৷ এটা ঘৰত অকলশৰীয়াকৈ বাস কৰা মুকবধিৰ যুৱতী গৰাকীৰ ওপৰত দীৰ্ঘ সময় ধৰি চলিছিল যৌন উৎপীড়ন ৷ শেহতীয়াকৈ মুকবধিৰ যুৱতী গৰাকীৰ শাৰিৰীক গঠনৰ ওপৰত সন্দেহ হোৱাত তেওঁৰ কনিষ্ঠ ভগ্নীয়ে যুৱতী গৰাকীক চিকিৎসকৰ ওচৰলৈ নিয়ে।

চিকিৎসকৰ পৰীক্ষাত পোহৰলৈ আহে যুৱতী গৰাকী অন্তঃসত্বা বুলি ৷ ঘটনা সন্দৰ্ভত সদৰ আৰক্ষীত মুকবধিৰ যুৱতী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে। জানিব পৰা অনুসৰি আৰক্ষীয়ে নিশাই ৰৌছন কুমাৰ নামৰ যুৱকজনক আটক কৰে।

You might also like
Leave A Reply

Your email address will not be published.