ASSAM | The Meghalaya High Court has ordered an expedited probe into the August 19 violence: ১৯ আগষ্টৰ হিংসাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ

১৯ আগষ্টৰ হিংসাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ২৫ আগষ্টঃ  ১৯ আগষ্টত মেঘালয়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ দিছে মেঘালয় উচ্চ ন্যায়ালয়ে। হিংসাৰ ঘটনাৰ সৈতে জড়িত গোচৰসমূহত এতিয়ালৈকে কেৱল খাচী ছাত্ৰ সন্থাৰ কাৰ্যবাহী বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰে মেঘালয় চৰকাৰে।

ন্যায়াধীশ হামাৰছন সিং থাংখিউ আৰু ন্যায়াধীশ ৱানলুৰা ডিয়েংড’হৰ দ্বাৰা গঠিত দ্বৈত বিচাৰপীঠে ১৯ আগষ্টৰ আক্ৰমণৰ ঘটনাসমূহৰ সন্দৰ্ভত পঞ্জীয়ন হোৱা গোচৰসমূহৰ বিষয়ে শুনানি গ্ৰহণ কৰে।

ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা এ. কুমাৰে আদালতক জনায় যে ঘটনাসমূহৰ ক্ষিপ্ৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। ৰাজ্য চৰকাৰে আদালতত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন আৰু পঞ্জীয়ন হোৱা গোচৰসমূহৰ সবিশেষো দাখিল কৰে।

ASSAM |  The Meghalaya High Court has ordered an expedited probe into the August 19 violence: ১৯ আগষ্টৰ হিংসাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ
আদালতে লক্ষ্য কৰে যে হিংসাৰ সময়ত বিষয়া কঢ়িয়াই নিয়া উচ্চ ন্যায়ালয়ৰ দুখন বাহনো আক্ৰমণৰ সন্মুখীন হৈছিল। এই ঘটনাত এগৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু এগৰাকী চালকো আক্ৰমণৰ বলি হোৱা বুলি আদালতে উল্লেখ কৰে।

এই ঘটনাসমূহৰ সৈতে জড়িত কেছ ডায়েৰী আদালতত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে সকলো গোচৰৰ তদন্ত ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠে। ইয়াৰ ভিতৰত ৰাজহুৱা পৰিবহণৰ এখন বাছত সংঘটিত আক্ৰমণৰ ঘটনাও অন্তৰ্ভুক্ত।

গোচৰটোৰ পৰৱৰ্তী শুনানি ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। সেইদিনা ৰাজ্য চৰকাৰে তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন আৰু সংশ্লিষ্ট কেছ ডায়েৰীসমূহ দাখিল কৰিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.