ধিঙত অব্যাহত বাঘৰ আতংক! বাঘ ধৰাত ব্যৰ্থ বন বিভাগ…
ধিঙত অব্যাহত বাঘৰ আতংক। চূড়ান্তভাৱে ব্যৰ্থ বন বিভাগ। বিগত ১৫ দিনে ধিঙত অব্যাহত আছে ঢেকীয়াপটীয়া বাঘৰ আতংক। বন বিভাগে বহু চেষ্টা চলোৱাৰ পাছতো বাঘটো ট্ৰেংকুলাইজ কৰা বা পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহ’ল।
এক প্ৰকাৰে বাঘৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য ৰাজ্যৰ বিয়াগোম বন বিভাগ। কিন্তু ইমানতেই অন্ত পৰা নাই ধিঙত ঢেকীয়াপটীয়া বাঘৰ আতংক,আজিও প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে অৱস্থান গ্ৰহণ কৰি আছে ধিঙৰ আঠগাঁৱত। বাঘৰ আতংকত দিন অতিবাহিত কৰা আঠগাঁও বাসীৰ অভিযোগ এইয়া।
আজি পুৱাও স্থানীয় ৰাইজে প্ৰত্যেক্ষ কৰে বাঘৰ উপস্থিতিৰ খোজ। গাওঁখনৰ হৰেন কলিতা নামৰ লোকজনৰ ঘৰৰ পিছফালে গোহালীৰ কাষত দেখিবলৈ পোৱা গ’ল বাঘৰ খোজ । আজিৰ পৰা দুদিন পূৰ্বে বাঘটো অন্য ঠাইলৈ আঁতৰি যোৱা বুলি বন বিভাগে ৰাইজক অৱগত কৰিছিল যদিও পুৱাই বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পাছত পুনৰ গাওঁখনলৈ নামি আহে বাঘৰ আতংক।
বন বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ পাছত ইতিমধ্যে বিভাগটোৰ ওপৰত আস্থা হেৰুৱাইছে আতংকিত গাওঁবাসীয়ে । শোণিতপুৰৰ দিলীপ নাথ নামৰ প্ৰকৃতিপ্ৰেমীজনক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ দায়িত্ব বন বিভাগে দিব লাগে বুলি দাবী জনাইছে আঠগাঁও বাসী ৰাইজে। উল্লেখ্য যে, বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাদিনো দিলীপ নাথ ধিঙত উপস্থিত হৈছিল যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই ঘুৰি যাবলৈ বাধ্য হৈছিল দিলীপ নাথ ।