⏩আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস।
⏩আজি ইটালীত অভিযন্তা দিৱস।
⏩১২ ১৫ চনত ইংলেণ্ডৰ ৰজা (john) ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান। মেগ্নাকাৰ্টাৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসনত আইনৰ শাসন স্বীকৃত হয়।
⏩১৫৫৯ চনত ঔৰংগজেৱৰ আনুুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ।
⏩১৮৫৪ চনত কলকাতাৰ প্ৰাসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা।
⏩১৮৫৯ চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু
⏩১৯১৬ চনত মাৰ্কিন সমাজ-বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
⏩১৯৩২ চনত গল্পকাৰ,ঔপন্যাসিক লক্ষ্মীনন্দন বৰাৰ জন্ম।
⏩১৯৩৭ চনত সমাজ সংস্কাৰক আন্না হাজাৰেৰ জন্ম।
⏩১৯৯১ চনত ভাৰত দশম সাধাৰণ নিৰ্বাচনৰ সামৰণি।
⏩২০০০ চনত মেচ ফিক্সিঙত জড়িত বুলি হান্সি ক্ৰ’নিয়েৰ স্বীকাৰোক্তি, বিশ্বজুৰি চাঞ্চল্য।